২৩ বছৰ অনূৰ্ধ্ব ভাৰতীয় ফুটবল দলত নাগালেণ্ডৰ কিভি ঝিমমি

Kivi Zhimomi

ফুটবলাৰ কিভি ঝিমমিৰ ফাইল ফটো

চলিত বৰ্ষৰ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত অনুষ্ঠিত হ’ব লগা ২৩ বছৰ অনূৰ্ধ্ব দক্ষিণ-এছিয়া ফুটবল ফেডাৰেশ্যন কাপ প্ৰতিযোগিতাৰ বাবে ভাৰতীয় জাতীয় দললৈ নিৰ্বাচিত হৈছে নাগালেণ্ডৰ কিভি ঝিমমি নামৰ এজন প্ৰতিভাৱান ফুটবলাৰ।

ঝিমমিয়ে প্ৰতিযোগিতাখনৰ বাবে অহা ২৮ জুলাইৰ পৰা ১৭ আগষ্টলৈ হ’ব লগা ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিব। আৰু তাৰ পাছতে ভাৰতীয় ফুটবল দলটোৰ সৈতে কিভিয়ে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব।

উল্লেখ্য যে ২০১৭-১৮ বৰ্ষৰ আই চি এলত নাগালেণ্ডৰ ফুটবলাৰগৰাকীয়ে চেন্নাই এফ চিৰ বিৰুদ্ধে গ’ল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ধাৰাবাহিকভাৱে কৰি অহা উজ্জীৱিত প্ৰদৰ্শনৰ বাবেই জাতীয় দললৈ আমন্ত্ৰন লাভ কৰিবলৈ সক্ষম হৈছে ঝিমমি।

মনকৰিবলগীয়া যে ১৯৪৮ চনত লণ্ডন অলিম্পিকত ভাৰতীয় দলক নেতৃত্ব দিয়া কিংবদন্তী ফুটবলাৰ টি আওৰ পাছত কিভি ঝিমমি হৈছে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰা দ্বিতীয়গৰাকী নগা ফুটবলাৰ।

চলিত বৰ্ষত হিৰ’ আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ হোৱা ঝিমমি জাতীয় দললৈ নিৰ্বাচিত হোৱাৰ বাবে শনিবাৰে নাগালেণ্ড চৰকাৰৰ মন্ত্ৰী জেকব ঝিমমিয়ে ফুটবলাৰগৰাকীক অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা প্ৰদান কৰে।

অত্যন্ত প্ৰতিভাৱান যুৱ ফুটবলাৰ কিভি ঝিমমিৰ ভাৰতীয় দলত অন্তৰ্ভূক্তিয়ে নাগালেণ্ডৰ ক্ৰীড়া প্ৰেমীৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।