• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৪ ঘণ্টাৰ বাবে ৰহাৰ টোলগেইট বন্ধ কৰিলে প্ৰশাসনে; কৃষক মুক্তি আৰু অঃ জাঃ যুঃ ছাঃ পঃৰ সৈতে আলোচনাৰ বাবে সন্মত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 22, 2018 4:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, আটছা, আটাছু, মৰাণ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ আৰু পথ অৱৰোধ কাৰ্য্যসূচীৰ পিছত নগাওঁ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে ৰহাৰ টোলগেই ২৪ ঘণ্টাৰ বাবে বন্ধ কৰিবলৈ বাধ্য হয়।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিষয়ববীয়াই আজি প্ৰতিবাদকাৰীসকলক এই কথা জনায়। সেইমতে আজি ৪ বজাৰ পৰা কাইলৈ ৪ বজালৈ টোলগেইটত কোনো কৰ লোৱা নহয়।

Apply Now

ইয়াৰ উপৰি এই ২৪ ঘণ্টাৰ ভিতৰত নগাওঁ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে আন্দোলনকাৰী দল-সংগঠনবোৰৰ সৈতে আলোচনাত মিলিত হ’ব। এই আলোচনাৰ ভিত্তিত পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব।

উল্লেখযোগ্য যে ২০১৫ চনৰ ১৫ এপ্ৰিলত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ বাবে ৰহাৰ এই টোলগেইটখন বন্ধ কৰি দিয়া হৈছিল। কিন্তু শেহতীয়াকৈ বৰ্তমানৰ বিজেপি চৰকাৰে যোৱা ১২ জুলাইত টোলগেইটখন পুনৰ বৰ্ধিত কৰৰ হাৰৰ সৈতে মুকলি কৰিছিল। ইয়াৰ পিছতে তীব্ৰ প্ৰতিবাদ কৰিছিল বিভিন্ন দল-সংগঠনে।

বৰ্ধিত হাৰক লৈও জনসাধাৰণে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল বিভিন্ন মাধ্যমত।

আনহাতে আজিৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল আৰু লগতে অঞ্চলটোত ১৪৪ ধাৰা লগাইছিল। তৎসত্ত্বেও প্ৰতিবাদকাৰীসকলে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি প্ৰশাসনক তেওঁলোকৰ স্থিতি সলনি কৰিবলৈ বাধ্য কৰে।

আজি প্ৰতিবাদকাৰী দল-সংগঠনৰ প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত ব্যাহত হৈ পৰাৰ পিছত নগাওঁ জিলাৰ উপায়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে প্ৰতিবাদকাৰীসকলৰ পৰা আলোচনাৰ বাবে সময় বিচাৰে। কিছু সময় তেওঁলোকে নিজৰ মাজতে আলোচনা কৰাৰ পিছত এঘণ্টা মানৰ মূৰত প্ৰতিবাদকাৰী ৰাইজৰ মাজলৈ আহি এই সিদ্ধান্ত জনায় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিষয়ববীয়াই।

জানিব পৰামতে, কোনো চহৰৰ নিম্নতম ১০ কিলোমিটাৰ দূৰত্বতহে টোলগেইট স্থাপন হোৱাৰ নিয়ম যদিও এই টোলগেইটখন আছে ৰহাৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত, ৰহা পৌৰ নিগমৰ ৭ নং ৱাৰ্ডত। গতিকে অৱস্থানৰ ফালৰ পৰাও টোলগেইটখন তাত স্থাপন কৰাটো ভুল বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে স্বীকাৰ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd