আজি কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, আটছা, আটাছু, মৰাণ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ আৰু পথ অৱৰোধ কাৰ্য্যসূচীৰ পিছত নগাওঁ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে ৰহাৰ টোলগেই ২৪ ঘণ্টাৰ বাবে বন্ধ কৰিবলৈ বাধ্য হয়।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিষয়ববীয়াই আজি প্ৰতিবাদকাৰীসকলক এই কথা জনায়। সেইমতে আজি ৪ বজাৰ পৰা কাইলৈ ৪ বজালৈ টোলগেইটত কোনো কৰ লোৱা নহয়।
ইয়াৰ উপৰি এই ২৪ ঘণ্টাৰ ভিতৰত নগাওঁ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে আন্দোলনকাৰী দল-সংগঠনবোৰৰ সৈতে আলোচনাত মিলিত হ’ব। এই আলোচনাৰ ভিত্তিত পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব।
উল্লেখযোগ্য যে ২০১৫ চনৰ ১৫ এপ্ৰিলত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ বাবে ৰহাৰ এই টোলগেইটখন বন্ধ কৰি দিয়া হৈছিল। কিন্তু শেহতীয়াকৈ বৰ্তমানৰ বিজেপি চৰকাৰে যোৱা ১২ জুলাইত টোলগেইটখন পুনৰ বৰ্ধিত কৰৰ হাৰৰ সৈতে মুকলি কৰিছিল। ইয়াৰ পিছতে তীব্ৰ প্ৰতিবাদ কৰিছিল বিভিন্ন দল-সংগঠনে।
বৰ্ধিত হাৰক লৈও জনসাধাৰণে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল বিভিন্ন মাধ্যমত।
আনহাতে আজিৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল আৰু লগতে অঞ্চলটোত ১৪৪ ধাৰা লগাইছিল। তৎসত্ত্বেও প্ৰতিবাদকাৰীসকলে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি প্ৰশাসনক তেওঁলোকৰ স্থিতি সলনি কৰিবলৈ বাধ্য কৰে।
আজি প্ৰতিবাদকাৰী দল-সংগঠনৰ প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত ব্যাহত হৈ পৰাৰ পিছত নগাওঁ জিলাৰ উপায়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে প্ৰতিবাদকাৰীসকলৰ পৰা আলোচনাৰ বাবে সময় বিচাৰে। কিছু সময় তেওঁলোকে নিজৰ মাজতে আলোচনা কৰাৰ পিছত এঘণ্টা মানৰ মূৰত প্ৰতিবাদকাৰী ৰাইজৰ মাজলৈ আহি এই সিদ্ধান্ত জনায় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিষয়ববীয়াই।
জানিব পৰামতে, কোনো চহৰৰ নিম্নতম ১০ কিলোমিটাৰ দূৰত্বতহে টোলগেইট স্থাপন হোৱাৰ নিয়ম যদিও এই টোলগেইটখন আছে ৰহাৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত, ৰহা পৌৰ নিগমৰ ৭ নং ৱাৰ্ডত। গতিকে অৱস্থানৰ ফালৰ পৰাও টোলগেইটখন তাত স্থাপন কৰাটো ভুল বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে স্বীকাৰ কৰে।