NORTHEAST NOW (Assamese)

২৬ মে’ত ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট-২০১৮’ : উপস্থিত থাকিব বলিউডৰ বহু জনপ্ৰিয় তাৰকা

May 19, 2018 8:39 pm · এন ই নাও নিউজ
ফাইল ফ'টো

গুৱাহাটীৰ জি এম চি এইচ প্ৰেক্ষাগৃহত অহা ২৬ আৰু ২৭ মে’ত উত্তৰ-পূবৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট-২০১৮’ অনুষ্ঠিত হ’ব।

এ এম টেলিভিছন প্ৰাইভেট লিমিটেডে আয়োজন কৰা এই অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দ, আদিল হুছেইন, মোহময়ী অভিনেত্ৰী হোমা কুৰেছী, জনপ্ৰিয় মডেল তথা অভিনেত্ৰী অৰ্জুম্মান মোগলৰ লগতে বহুকেইগৰাকী জনপ্ৰিয় শিল্পী উপস্থিত থাকিব।

আনহাতে, এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট-২০১৮’ৰ কাৰ্যূচীত ২০১৭ বৰ্ষত মুক্তি পোৱা মুঠ ৩২খন চলচ্চিত্ৰৰ মাজৰ পৰা অসমীয়া আৰু অন্যান্য ভাষাৰ চিনেমাৰ শিতানত শ্ৰেষ্ঠতৰ ভিত্তিত বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সমিতিৰ পৰা প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তিত জনোৱা হৈছে।

তদুপৰি বিজ্ঞপ্তিটোৰ পৰা জানিব পৰা মতে অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা আজীৱন অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰখ্যাত শিল্পী কুলদা কুমাৰ ভট্টচাৰ্যলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ড০ ভূপেন হাজৰিকা, জ্ঞানদা কাকতি, আব্দুল মজিদ, নিপন গোস্বামী, বিজু ফুকন, মৃদুলা বৰুৱা, বিষ্ণু খাৰঘৰীয়া, বিদ্যা ৰাও আৰু মুনিন বৰুৱালৈ এই বঁটা আগবঢ়োৱা হৈছিল।

আনহাতে নিজৰ কামৰ বাবে ইতিমধ্যে বলিউডত এক পৰিচয় লাভ কৰিবলৈ হোৱা দেৱজিত চাংমাইক প্ৰদান কৰা হ’ব ‘গ্লৱেল আইকন বঁটা’।

উদ্যোক্তাসকলে লগতে জনাই যে এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ড’ অনুষ্ঠান চাৰিগৰাকী অসমীয়া সাংস্কৃতিকজগতৰ কাণ্ডাৰীৰ স্মৃতিৰে আগবাঢ়িব।

Related News