নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সৰ্থেবাৰীৰ ৰাজপথত সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয়।
সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি শান্ত কুমাৰ দাস আৰু পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ সভাপতি দিলোৱাৰ হুছেইনৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদলত স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰেও অংশ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিবাদী সমদল সৰ্থেবাৰীৰ সভাৰ খলাৰ পৰা আৰম্ভ কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়।
প্ৰতিবাদী সকল ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিভিন্ন প্ৰতিবাদী শ্ল’গান দি পিছত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে যুটীয়া সংসদৰ সমিতিৰ অধ্যক্ষলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে।
আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৰুক্ষেত্ৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মাছৰ যুটীয়া উদ্যোগত লচিমাস্থিত পঞ্চগ্ৰাম প্ৰগতি সামূহিক কেন্দ্ৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়।
সভাত অংশ গ্ৰহণকাৰী সকলে নাগৰিকত্ব সংশোধনী বিৰোধিতা কৰি ভাষণ প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ অঞ্চলটোত প্ৰবল জনমত গঠন কৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্তও গ্ৰহণ কৰে।