২৬ মে’ৰ পৰা পাঁচ দিনীয়াকৈ গুৱাহাটীত এ বি ভি পিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠক

দিচপুৰ প্ৰেছ ক্লাবত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সংবাদমেল।

সুদীৰ্ঘ ২৯ বছৰৰ পাছত গুৱাহাটীত অনুষ্ঠিত হ’ব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদ তথা কেন্দ্ৰীয় কাৰ্য সমিতিৰ বৈঠক। ২৬ মে’ৰ পৰা ৩০ মে’লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ চাৰি শতাধিক কাৰ্যকৰ্তাই ভাগ ল’ব বুলি এ বি ভি পিৰ সূত্ৰই কয়।

শুকুৰবাৰে দিচপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল যোগে এই কথা জানিবলৈ দিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আশিস চৌহানে।

চৌহানে জানিবলৈ দিয়া মতে এই বৈঠকত ভাৰতৰ আন-আন প্ৰান্তৰ লগতে সুদূৰ লাডাখ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰাও প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ অগ্ৰণী ছাত্ৰ সংগঠন প্ৰাজ্ঞিক বিদ্যাৰ্থী পৰিষদৰ সদস্য অতিথি প্ৰতিনিধি হিচাপে উপস্থিত থাকিব বুলিও ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয়।

সংবাদমেলত এ বি ভি পিৰ এই বৈঠক সম্পৰ্কত আশিস চৌহানে কয়, “এই বৈঠকত বছৰটোৰ শৈক্ষিক সমীক্ষা আৰু আগন্তুক কাৰ্যক্ৰমৰ যোজনা প্ৰস্তুত কৰা হ’ব।”

এ বি ভি পিৰ এই বৈঠকৰ ২৬ আৰু ২৭ মে’ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। ২৭ মে’ত বিদ্যাৰ্থী পৰিষদৰ বিভিন্ন মহলত কাৰ্যৰত ফ’ৰামসমূহৰ বৈঠক অনুষ্ঠিত হ’ব।

সেইদিনাই সন্ধিয়ালৈ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগীয়া নাগৰিক অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিশেষ অতিথি হিচাপে এ বি ভি পিৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ এছ চুব্বাইয়া উপস্থিত থাকিব বুলি আশিস চৌহানে জানিবলৈ দিয়ে।

সংবাদমেলত এ বি ভি পিৰ ৰাষ্ট্ৰীয় মিডিয়া সম্পাদক সাকেত বহুগুণা, অসম প্ৰদেশৰ সম্পাদক নয়নজ্যোতি শৰ্মা আৰু ত্ৰিপুৰা প্ৰদেশৰ সম্পাদিকা লিপিকা ৰয় উপস্থিত থাকে।