২৯ লাখ বিবাহিত মহিলালৈ বহাগ বিহুৰ আগে আগে মাকৰ ঘৰলৈ যোৱাৰ বাবে সোণালী সুযোগ

Prateek-Hajela-570x320

প্ৰতীক হাজেলাৰ ফাইল ফটো

বহাগ বিহুৰ পূৰ্বে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ দৰে অসমৰ লাখ লাখ বিবাহিত মহিলায়ো এইবাৰ বহাগ বিহুৰ পূৰ্বে মাকৰ ঘৰলৈ যোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। এয়া হ’বলৈ গৈছে চলিত এন আৰ চি প্ৰক্ৰিয়াৰ বাবে।

আজি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই জনাইছে যে অহা ২ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বিবাহিত মহিলাসকলৰ পঞ্চায়তৰ নথি-পত্ৰৰ পৰীক্ষণৰ কাম। তেওঁ জনোৱা মতে, যিসকল মহিলাই উত্তৰাধিকাৰ যোগসূত্ৰ হিচাপে পঞ্চায়তৰ নথি জমা দিছিল সেইসকল মহিলাৰ নথি-পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

গতিকে তেওঁলোকে নিজৰ নথি পৰীক্ষণ পৰীক্ষাৰ সন্মুখীন হ’বলৈ সংশ্লিষ্ট গাওঁ পঞ্চায়ত, অৰ্থাৎ মাতৃগৃহলৈ যাব লগীয়া হ’ব। নক’লেও হ’ব যে বহাগ বিহুৰ সময়তে বহুতো মহিলাৰ বাবে মাকৰ ঘৰলৈ যোৱাৰ এয়া এক প্ৰকাৰৰ সোণালী সুযোগৰ দৰে হৈছে।

এই সন্দৰ্ভত প্ৰতীক হাজেলাই কয়, ‘উচ্চতম ন্যায়ালৰ নিৰ্দেশ মৰ্মে দ্ৰুত গতিত আগ বাঢ়িছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নথি-পত্ৰ পৰীক্ষণৰ কাম। যিসকল বিবাহিত মহিলাই পঞ্চায়তৰ নথি-পত্ৰ দিছিল, সেইসকলৰ নথি-পত্ৰ পৰীক্ষণৰ কাম আমি ২এপ্ৰিলৰ পৰা আৰম্ভ কৰিম। ইতিমধ্যে জনসাধাৰণৰ মাজত এই কথাৰ প্ৰচাৰ চলোৱাটো আমি আৰম্ভ কৰিছো।’

তদুপৰি বিবাহিত ২৯ লাখ মহিলাৰ পঞ্চায়তৰ নথি পৰীক্ষণৰ কাম তেওঁলোকৰ পিতৃগৃহত আৰম্ভ হ’ব লগতে পঞ্চায়তৰ সচিব আৰু লাট মণ্ডলৰ উপস্থিতিত এই পৰীক্ষণৰ কাম আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, প্ৰতীক হাজেলাই বংশবৃক্ষৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, ’২০ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালৰ সন্মুখত যি শুনানি হৈছিল তাত আমি প্ৰতিৱেদন দাখিল কৰিছিলো যে ১ কোটি জনসাধাৰণৰ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ বাকী আছে। তাৰ ভিতৰত সৰহসংখ্যক লোক আছে যাৰ বংশবৃক্ষ পৰীক্ষণৰ কাম বাকী আছে। লগতে যিসকলে পঞ্চায়তৰ নথি-পত্ৰ দিছে সেইসকলৰ নথি নিৰীক্ষণৰ কামো বাকী আছে। এইসকলৰ ভিতৰত এনে কিছুসংখ্যক লোক আছে, যাৰ নথি-পত্ৰৰ ৰিজাল্ট  সংশ্লিষ্ট নথিবোৰ জাৰি কৰা কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়াও আমি পোৱা নাই। ইতিমধ্যে বংশবৃক্ষ পৰীক্ষণৰ কাম বহুখিনি আগ বাঢ়ি গ’ল। এই বংশবৃক্ষ প্ৰক্ৰিয়াত শুনানি ল’ব লগীয়া প্ৰায় ৪৮ লাখ লোক আছে। তাৰে ৯ লাখ মানুহৰ আমি নথি-পত্ৰ পৰীক্ষণৰ বাবে ব্যৱস্থা লৈছিলো। তাৰ ভিতৰত ৩ লাখ ৫০ হাজাৰৰ পৰীক্ষণ ইতিমধ্যে সম্পূৰ্ণ হ’ল। ৯ লাখৰ ভিতৰত প্ৰায় ৫ লাখ ৫০ হাজাৰ শুনানি এতিয়াও বাকী আছে। এই বাকী থকা লোকসকলৰ পৰীক্ষণৰ কাম আমি নিৰ্ধাৰিত ৩১ মেৰ ভিতৰত সম্পূৰ্ণ কৰিম।‘

উল্লেখযোগ্য যে অহা ২৭ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক কয় যে অহা ২৭ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত তেওঁ তাত উপস্থিত থাকিব। ইয়াৰোপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত যিমানখিনি কাম ইতিমধ্যে আগ বাঢ়িছে তাৰ খতিয়ান উচ্চতম ন্যায়ালয়ৰ সন্মুখত দাখিল কৰিব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা প্ৰদান কৰিব সেইমতে কাম আগ বাঢ়ি যাব বুলি কয়।

ইয়াৰোপৰি বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ নথি-পত্ৰৰ বিষয়ে তেওঁ আমাক কয়, ‘বহিঃৰাজ্যৰ পৰা যিসকলে নথি-পত্ৰ আনিছিল সেয়া পৰীক্ষণৰ ফলাফলটো কি হ’ব সেইটো নিশ্চয়কৈ লক্ষণীয় হ’ব। এই ক্ষেত্ৰত ৫ লাখ ৫০ হাজাৰ নথি আছে, যিসমূহ আমি বেলেগ ৰাজ্যলৈ পঠাইছিলো। কিন্তু তাৰ পৰা বৰ্তমানলৈকে আমি মাত্ৰ ১ লাখ ৬৫ হাজাৰ নথিহে ঘূৰাই পাইছো। বাকী নথিসমূহৰ পৰীক্ষণৰ ফলাফল বৰ্তমানো ৰৈ গৈছে। যদি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সেই ৰাজ্যসমূহৰ পৰা নথিসমূহ আমাৰ হাতত আহি নপৰেহি তেন্তে আমি অনুসন্ধানমূলক প্ৰক্ৰিয়াৰ জৰিয়তে সেই লোকসকলকল এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য হয় নে নহয় সেইটো পৰীক্ষা কৰিম।‘

আনহাতে, পঞ্চায়ত নিৰ্বাচনে এন আৰ চি পৰীক্ষণ প্ৰক্ৰিয়াত কিবা বাধা আৰোপ কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ’২০ ফেব্ৰুৱাৰিৰ উচ্চতম ন্যায়ালয়ৰ শুনানিত উল্লেখ থকা অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক বেলেগ কোনো কাম-কাজত নিয়োজিত কৰা নহয়। সেয়েহে পঞ্চায়ত নিৰ্বাচনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াটোত বাধা দিব বুলি মই নাভাবো।‘

ৰাষ্ট্ৰীয় সমন্বয়কগৰাকীয়ে লগতে কয়, ‘জনসাধাৰণৰ দুই ধৰণৰ অভিযোগ আছিল যে তেওঁলোকৰ নামটো ভুলকৈ আহিছে, দ্বিতীয়তে কিছু সংখ্যকৰ নামটো ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পোৱা খচৰাত অন্তৰ্ভুক্ত হোৱা নাছিল।‘

এই সন্দৰ্ভত তেওঁ তালিকাত প্ৰকাশ নোপোৱা লোকসকলক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনাই কয়, ‘একেটা পৰিয়ালৰ দুই-এজন সদস্যৰ নাম এন আৰ চিৰ প্ৰথম খচৰাখনত প্ৰকাশ পোৱা নাই। যদিও পৰিয়াল হিচাপত আমি এন আৰ চিৰ প-পত্ৰখন লৈছিলো তথাপি প্ৰত্যেকগৰাকীৰে নথিও বেলেগ বেলেগ আছে। তথাপি তেওঁলোকে এই ক্ষেত্ৰত শংকা কৰাৰ প্ৰয়োজন নাই। একেটা পৰিয়ালৰে যিসকল লোকৰ নাম প্ৰথম খচৰাত প্ৰকাশ নাপালে তেওঁলোকে দ্বিতীয় খচৰালৈ অপেক্ষা কৰিব লাগিব।‘

৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পোৱা খচৰাত নাম ভুলকৈ অহা সন্দৰ্ভত হাজেলাই কয়, ‘যিহেতু বৰ্তমান এন আৰ চিৰ সৈতে জৰিত লোকসকল বংশবৃক্ষ পৰীক্ষণৰ কামত ব্যস্ত হৈ আছে, গতিকে আমি কিছুদিন পিছত অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে নামসমূহ শুদ্ধৰণি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম।’