ৰাজ্যৰ আন অংশৰ লগতে মাজুলী জিলাটো ২এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ নথি পৰীক্ষণ কাৰ্য আৰম্ভ হ’ব ।
ইতিমধ্যে বিবাহিত মহিলাৰ ক্ষেত্ৰত ‘লিগেচী ব্যক্তি’ৰে পাৰিবাৰিক যোগসূত্ৰ স্থাপনৰ বাবে দাখিল কৰা পঞ্চায়ত সচিবৰ প্ৰমাণ পত্ৰ সমূহৰ বিশেষ সত্যতা পৰীক্ষণ পৰ্ব সোমবাৰৰ পৰা অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কৰ কাৰ্যালয়ে।
গাঁও পঞ্চায়তৰ সচিবে দিয়া এনে প্ৰমাণপত্ৰৰ বিশেষ পৰীক্ষণৰ বাবে শুনানি গ্ৰহণ কৰিবলৈ জিলাখনৰ দুয়োটা উন্নয়ন খণ্ড এলেকাৰ বাবে দুটা পৃথক শুনানি কেন্দ্ৰ স্থাপন কৰা হৈছে।
যিসকল বিবাহিত মহিলাই পঞ্চায়ত সচিবৰ নথিৰে সৈতে এন আৰ চিত নামভৰ্তিৰ বাবে আবেদন জনাইছে তেওঁলোকক নিৰ্দিষ্ট পঞ্চায়ত ভিত্তিক শুনানিৰ বাবে মাজুলী আৰু উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা উক্ত শুনানি কেন্দ্ৰ দুটাত প্ৰত্যেক দিনাই আমন্ত্ৰণ কৰা হ’ব।
এই গুৰুত্বপূৰ্ণ নথি পৰীক্ষণ পৰ্বৰ পূৰ্বে আজি গড়মূৰত অৱস্থিত উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতে এখন আলোচনা সভাত মিলিত হয় মাজুলীৰ উপায়ুক্ত তথা নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়ক দেৱপ্ৰসাদ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত নৰেন দাস আৰু ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা। সভাত বিজেপি, অগপ, গণশক্তি, কংগ্ৰেছ, চি পি আই কে ধৰি কেইবাটাও দল আৰু আছু, আক্ৰাছু, টি এম পি আদি ভালেকেইটা ছাত্ৰ সংগঠন তথা সামাজিক সংস্থাৰ প্ৰতিনিধি উপস্থিত আছিল।