৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মুখ্য মন্ত্রীক ডিব্ৰুগড় আছুৰ ১৫ দিনৰ সময়সীমা

COVID-19: Increasing number of infected people worries AASU

প্ৰতিনিধিত্বমূলক চিত্ৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ঘাইপথ প্ৰধিকৰণক ৩০ ঘণ্টাৰ সময়সীমা বান্ধি দিয়াৰ পিছতো প্ৰাধিকৰণে ঘাইপথ মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষুন্ন হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা।

সোণোৱালৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰা ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যত ক্ষুন্ন হৈ এইবাৰ ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বাবে ঘাইপথ প্রাধিকৰণক ৩০ ঘণ্টাৰ সময়সীমা দিয়া মুখ্যমন্ত্রীক আছুৱে বান্ধি দিলে সময়সীমা৷

দিনক দিনে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ অৱস্থা শোচনীয় হৈ গৈ থকাত মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালক আছুৰ ডিব্রুগড় জিলা সমিতিয়ে ১৫ দিনৰ সময়সীমা বান্ধি দিছে৷ অন্যথা ২৫ আগষ্টৰ পৰা আছুৰ উদ্যোগত ধাৰাবাহিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও সকীয়াই দিছে৷

উল্লেখ্য যে ঘাইপথ মেৰামতিৰ দাবীত সদৌ ডিব্রুগড় জিলা ছাত্র সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্রীলৈ এখন স্মাৰক-পত্র প্রেৰণ কৰিছে৷ স্মাৰক-পত্রত ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি ডিব্রুগড় জিলাত বিধ্বস্ত হৈ থকা গড়কাপ্টানী পথসমূহো শীঘ্রে মেৰামতিৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনায়৷

সম্প্রতি ৰাষ্ট্রীয় ঘাইপথটোৰে যাতায়াত একেবাৰে অনুপযোগী হৈ পৰাত অঞ্চলবাসী বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ মন কৰিবলগীয়া যে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ডিব্রুগড়, তিনিচুকীয়া জিলাত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈছে৷ সেয়ে অতি শীঘ্ৰে ৰাষ্ট্রীয় ঘাইপথটো মেৰামতি কৰাৰ দাবীত আছুৱে এনেদৰে সময়সীমা বান্ধি দিবলগীয়া হোৱা বুলি আছুৰ নেতৃত্বই প্ৰকাশ কৰে।