বুধবাৰে অসম বিধান সভাৰ সভাকক্ষত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে ৬ জনগোষ্ঠীক মৰ্যাদা প্ৰদান প্ৰক্ৰিয়া বিষয়ত এক বৈঠক হয়। উক্ত বৈঠকতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৬ জনগোষ্ঠীক সামৰি এখন সমিতি গঠনৰ পোষকতা কৰে।
মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এই সমিতিখনে জনগোষ্ঠীৰ দাবী উত্থাপন কৰা ৬ জনগোষ্ঠীৰ প্ৰতিনিধি, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত উপযুক্ত যোগাযোগ স্থাপনেৰে এই দিশত অধিক গতি প্ৰদান কৰিব পাৰিব।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে জনজাতিৰ দাবী উত্থাপন কৰা ৰাজ্যখনৰ জনগোষ্ঠী কেইটাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত কেন্দ্ৰৰ প্ৰয়োজনীয় হস্তক্ষেপৰ বাবে বিষয়টো নতুন দিল্লীত অতি শীঘ্ৰে উত্থাপন কৰা হ’ব।
মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ মৰাণ, মটক, কোঁচ ৰাজবংশী, টাই আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ জানজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ নিশ্চিতিৰ ক্ষেত্ৰত বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে অনুঘটকৰ ভূমিকা পালন কৰি যাব কয়।
উক্ত বৈঠকত সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোহাঁই, যুটীয়া সম্পাদক দুলাল বৰুৱা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সচিব নব মৰাণ, উপদেষ্টা তৰুণ বৰুৱা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰ, সম্পাদক পৱন বেড়িয়া, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি বিতোপন শইকীয়া, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব টি ৱাই দাস, অতিৰিক্ত মুখ্য সচিব ক্ৰমে অলক কুমাৰ, ৰাজীৱ বৰা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ উপৰি জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।