৭ জানুৱাৰীত সৈনিক স্কুলৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অধীনত থকা আৰু নতুন দিল্লীৰ সৈনিক স্কুল ছ’চাইটিৰ দ্বাৰা পৰিচালিত দেশৰ সৈনিক স্কুলসমূহত শিক্ষাৰ্থীৰ নাম ভৰ্তিৰ বাবে অহা ৭ জানুৱাৰী, ২০১৮ত সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব (নেগ্ৰ’টা সৈনিক স্কুলক বাদ দি)। তাৰ বাবে শিক্ষাৰ্খীসকলে অহা ৫ ডিচেম্বৰৰ ভিতৰত নামভৰ্তিৰ আৱেদন প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগিব। ষষ্ঠ আৰু নৱম -এই দুটা শ্ৰেণীত নাম ভৰ্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ষষ্ঠ (VI) শ্ৰেণী আৰু নৱম (IX) শ্ৰেণীত নাম ভৰ্তি কৰিব লগা শিক্ষাৰ্থীৰ বয়স যথাক্ৰমে ১০-১১ বছৰ (২ জুলাই ২০০৭ আৰু ১ জুলাই ২০০৮ ৰ ভিতৰত জন্ম) আৰু ১৩-১৪ বছৰৰ ভিতৰত (২ জুলাই ২০০৪ আৰু ১ জুলাই ২০০৫ ৰ ভিতৰত জন্ম) ভিতৰত হ’ব লাগিব। নৱম শ্ৰেণীত নামভৰ্তি কৰিবৰ বাবে শিক্ষাৰ্থীসকল অষ্টম শ্ৰেণীত পঢ়ি থকা হ’ব লাগিব। দেশৰ বিভিন্ন সৈনিক স্কুলবোৰেই পৰীক্ষা কেন্দ্ৰ হ’ব।

নামভৰ্তিৰ বাবে বাছনি সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত হ’ব। লিখিত পৰীক্ষা ষষ্ঠ শ্ৰেণী আৰু নৱম শ্ৰেণীৰ বাবে যথাক্ৰমে ৩০০ আৰু ৪০০ নম্বৰৰ হ’ব আৰু লগতে প্ৰতিটো শ্ৰেণীৰ বাবে ৫০ কৈ সাক্ষাৎকাৰৰ নম্বৰ থাকিব। মুঠ নম্বৰ সমান হ’লে নিৰ্বাচনৰ বাবে গণিতৰ নম্বৰক বিবেচনা কৰা হ’ব। তাতো সমান হ’লে নৱম শ্ৰেণীৰ ক্ষেত্ৰত ইংৰাজীৰ নম্বৰ আৰু ষষ্ঠ শ্ৰেণীৰ ক্ষেত্ৰত বুদ্ধি পৰীক্ষাৰ নম্বৰ বিবেচনা কৰা হ’ব। ইয়াৰ পিছতো নিৰ্ণীত নহ’লে নৱম শ্ৰেণীৰ ক্ষেত্ৰত সাধাৰণ বিজ্ঞান আৰু ষষ্ঠ শ্ৰেণীৰ ক্ষেত্ৰত ভাষাৰ নম্বৰক বিবেচনা কৰা হ’ব। তাতো সমান হ’লে কম বয়সৰজনক অধিক যোগ্য বিবেচিত কৰা হ’ব।

সংৰক্ষণ :

অনুসূচিত জাতিৰ বাবে ১৫% আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। ২৫ শতাংশ আসন সামৰিক সেৱাত নিযুক্ত লোক বা প্ৰাক্তন সৈনিকৰ সন্তানৰ বাবে। বাকী থকা আসনৰ ৬৭ শতাংশ আসন সৈনিক স্কুলখন থকা ৰাজ্যখনৰ শিক্ষাৰ্থীৰ বাবে আৰু বাকী থকা ৩৩ শতাংশ আসন অন্যান্য ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে। অব্যৱহৃত আসনবোৰ ৰাজ্যৰ অংশটোৰ সৈতে সন্নিৱিষ্ট কৰা হ’ব।

ইচ্ছুকসকলে তলত দিয়া লিংকটোত গৈ সবিশেষ চাব পাৰে।

All India Sainik Schools Entrance Exam 2018