ৰঙিয়াত অনুষ্ঠিত চিপিআই(এম)ৰ কামৰূপ জিলা সমিতিৰ অধিবেশনত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা

শণিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত চিপিআই(এম)ৰ কামৰূপ জিলা সমিতিৰ ২২ সংখ্যক অধিবেশন ৰঙিয়া ঈদগাহ ময়দামত অনুষ্ঠিত হয়। প্ৰায় ২৫০ জন প্ৰতিনিধি উপস্থিত থকা অধিবেশনৰ মুকলি সভাত সভাপতিত্ব কৰে বীৰেণ শৰ্মাই।  ভাষণ প্ৰসংগত দলৰ সম্পাদকমণ্ডলীৰ সদস্য তথা সাপ্তাহিক গণশক্তিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে নিৰ্বাচনৰ সময়ত ভাৰতবৰ্ষৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা ভাৰতীয় জনতা পাৰ্টী এটা নীতিহীন দল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলটো পৰিচালনা কৰাৰ বাবে যোগ্য ব্যক্তিৰ অভাব ঘটিছে। ইয়াৰ উপৰি অসম বিজেপিয়ে কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিত লিপ্ত হোৱা নেতা সকলক দললৈ আনি গুৰু বিভাগৰ দায়িত্ব অৰ্পণ কৰাটো অতিকৈ লজ্জাজনক বুলি মন্তব্য কৰে।

মাৰ্ক্সবাদী নেতাজনে তেওঁৰ ভাষণৰ মাজেৰে আৰু কয় যে কোনো ৰাজনৈতিক দলে  ধৰ্মৰ নামত ৰাজনীতি কৰি শাসনৰ গাদীত নবহে। কিন্তু বিজেপি চৰকাৰখনে শাসনভাৰ দখল কৰাৰ পিছতে কংগ্ৰেছ দলৰ নিচিনাকৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোককলৈ কৰা ৰাজনীতিয়ে অসমক বাৰুকৈয়ে ক্ষতিগ্ৰস্থ কৰিব।

মুঠৰ ওপৰত সাম্প্ৰদায়িক বিষয়টো বাদ দিলে এই দুয়োটা দলে একে বুলি মাক্সবাদী নেতাজনে কয়। নিৰ্বাচনৰ আগত অসমৰ খিলঞ্জীয়া মানুহৰ নামত শপত খাই শৰাইঘাটৰ শেষ ৰণ আখ্যা দিয়া  অসমৰ জাতীয় নায়কে এতিয়া অসমৰ জনসাধাৰণৰ কথা, অসমৰ স্বাৰ্থ ৰক্ষাৰ কথা বাদ দি মোডীৰ আঙুলিৰ নিৰ্দেশত উঠা-বহা কৰা কাৰ্য অসমৰ জনসাধাৰণৰ বাবে এক বিপদজনক বিষয় বুলি তালুকদাৰে কয়।

সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য্য, ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলীৰ সদস্য টিকেন দাস উপস্থিত থাকে। তিনিওগৰাকী নেতাই ভাষণ প্ৰসংগত বিজেপি দলে অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰাৰ বিষয়ে উল্লেখ কৰি দলটোৰ কাৰ্য্যপন্থাক তীব্ৰ ভাষাৰে সমালোচনা কৰে । ইফালে উক্ত মুকলি সভাৰ প্ৰাকমুহূৰ্তত ৰঙিয়া চহৰৰ মাজেৰে দলটোৰ প্ৰায় তিনি শতাধিক কৰ্মকৰ্তাই হাতে হাতে প্লে’কাৰ্ড-বেনাৰলৈ শোভাযাত্ৰা কৰে। এই শোভাযাত্ৰাতে দলটোৰ নেতা-কৰ্মীসকলে বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে নানা ধৰণে শ্লোগান দি ৰঙিয়া উত্তাল কৰি  তোলে।