NORTHEAST NOW (Assamese)

ৰঙিয়াত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত, ৬ জন আহত

July 14, 2018 9:48 pm · এন ই নাও নিউজ

ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত আজি দিনৰ ভাগত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ লগতে ৬ জন গুৰুতৰভাৱে আহত হয়।

উল্লেখযোগ্য যে এ এছ ০১ ডি এফ ৬৮০১ নম্বৰৰ চুইফট ভিএক্স খনে গুৱাহাটীৰ পৰা পাঠশালাৰ দিশে তীব্ৰ গতিত গৈ থকা অৱস্থাত ৰঙিয়াৰ ভাতকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্মুখত হঠাতে ওলোৱা গৰুক বচাবলৈ যাওঁতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ এটা জানত সোমাইগৈ।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে গাড়ীখনৰ ভিতৰত আবদ্ধ ৭ জন লোকক উদ্ধাৰ কৰে যদিও ইয়াৰে এগৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হয়। আৰু বাকী গুৰুতৰভাৱে আহত ৬ জন লোকক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোত নিহত মহিলা গৰাকী পাঠশালাৰ কনিকা মেধি বুলি চিনাক্ত কৰাৰ লগতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত কেইজন হ’ল ক্ৰমে মুকুল মেধি, নিমাক্ষী মেধি, দীপেন মেধি, ধ্ৰুৱষি মেধি, ফুলকুমাৰী মেধি আৰু অভিশেষ মেধি।

Related News