• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱন বীমাৰ ধনৰ বাবে মৃত ঘোষিত ব্যক্তিৰ গুৱাহাটীত সংবাদমেল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 14, 2018 9:57 pm
মৃত ঘোষিত হোৱা চামচুল হক চৌধুৰী, গুৱাহাটীত সংবাদমেল দিয়াৰ পিছত সপৰিয়াল দেখা গৈছে।

মৃত ঘোষিত হোৱা চামচুল হক চৌধুৰী, গুৱাহাটীত সংবাদমেল দিয়াৰ পিছত সপৰিয়াল দেখা গৈছে।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ফেব্ৰুৱাৰি মাহতে মৃত বুলি ঘোষিত ডবকাৰ এজন লোকে আজি গুৱাহাটীৰ দিচপুৰ প্ৰেছক্লাবত পত্নী-সন্তানসহ সোঁশৰীৰে উপস্থিত হৈ এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল দি ব্যক্তিজনে এই আচৰিত ঘটনাটোৰ আঁৰত থকা কাহিনী ফাদিল কৰিবৰ চেষ্টা কৰে। মৃত ঘোষিত হোৱা চামচুল হক চৌধুৰী নামৰ এই ব্যক্তিজনে সংবাদমেলত জনোৱামতে, ডবকাৰ এজন প্ৰভাৱশালী লোকে চক্ৰান্ত কৰি তেওঁৰ পৰিয়ালক তেওঁক মৃত ঘোষণা কৰাইছিল।

নাজিৰাৰ এখন সাঁচি গছৰ বাগিচাৰ কৰ্মী আৰু মৃত ঘোষিত চামচুল হক চৌধুৰীয়ে আজি সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তেওঁ কৰ্মৰত বাগিচাৰ মালিক ডবকাৰ ৰেজাউল কৰিমে তেওঁৰ নামত বীমা কৰি পাছত তেওঁক মিছাকৈ মৃত্যু হোৱা বুলি ঘোষণা কৰাই বীমাৰ ধন মোকলোৱাৰ চেষ্টা চলাইছিল।

Apply Now

“মই কাম কৰা সাঁচি বাগিচাৰ মালিক ৰেজাউল কৰিমে তেওঁৰ ভাতৃ এনামূল কৰিম, তেওঁৰ মেনেজাৰ কামাল উদ্দিন, মহিবুৰ ৰহমান আৰু হাবিবুৰ ৰহমানৰ সহযোগত মোৰ ক্ষেত্ৰত ষড়যন্ত্ৰ কৰিছে। তেওঁলোকে মোৰ নামত বীমা কৰি মোক মৃত্যু হোৱা বুলি দেখুৱাই বীমাৰ ধন মোকলোৱাৰ বাবে আবেদন কৰিছিল। মোৰ মানুহজনী (পত্নী)ক ধমকি দি আৰু মাৰপিট কৰি বীমাৰ ধন মোকলোৱাৰ বাবে চহী লৈছিল। মই এন আৰ চিৰ কামত মোৰ কৰিমগঞ্জৰ ঘৰলৈ যাওঁতেই এই ঘটনা সংঘটিত হয়। পাছত মোৰ মানুহজনীয়ে মোক এই বিষয়ে ফোনযোগে জনায়। তেতিয়াহে মই এই কথা গম পাও।” সংবাদমেলত এইদৰে কয় চামচুল হক চৌধুৰীয়ে।

তেওঁ লগতে কয় যে ৰাজনৈতিকভাৱে ক্ষমতাশালী ৰেজাউল কৰিমে তেওঁৰ ল’ৰা-ছোৱালীকেইটাক স্কুললৈ যোৱাত বাধা দিয়াৰ লগতে পত্নী আকলিমা বেগমৰ আৰু সন্তানকেইটাকো ঘৰতে আবদ্ধ কৰি ৰাখিছিল। ইয়াৰ উপৰি তেওঁৰ মৃত্যু হোৱা বুলি পত্নী আৰু সন্তানক ক’বলৈ নিৰ্দেশ দিছিল।

ইপিনে, চামচুলৰ পত্নী আকলিমা বেগমে কয়, “ৰেজাউল কৰিম, তেওঁৰ ভাতৃ এনামূল কৰিমে মোক মোৰ স্বামীৰ মৃত্যু হোৱা বুলি বীমা কোম্পানীৰ মানুহৰ আগত ক’বলৈ কৈছিল। অন্যথা মোৰ স্বামী আৰু সন্তানক হত্যা কৰাৰ ভাবুকি দিছিল।”

ৰহস্যজনকভাৱে চামচুল হক চৌধুৰীয়ে তেওঁৰ লগত এই ঘটনা সংঘটিত হোৱাৰ পাছতো আৰক্ষীৰ ওচৰ চপা নাছিল। এই বিষয়ে তেওঁক সোধাত ৰেজাউল কৰিমে ভয়-ভাবুকিৰে তেওঁক আৰক্ষীক জনোৱাৰ পৰা বিৰত থাকিবলৈ কৈছিল বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, ডবকা চামচুল হক চৌধুৰী (৩৭) নামৰ লোকজনৰ যোৱা ফেব্ৰুৱাৰি মাহৰ ২০ তাৰিখে মৃত্যু হোৱা বুলি হোজাই সমুহীয়া স্বাস্থ্যকেন্দ্ৰৰ পৰা মৃত্যুৰ প্ৰমাণপত্ৰ দিয়া ঘটনাক লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছিল। সেই প্ৰমাণপত্ৰৰ দ্বাৰা গুৱাহাটীৰ এক্সাইল বীমা প্ৰতিষ্ঠানত থকা বীমাৰ ‘ডেইথ বেনিফিট’ৰ বাবে চামচুল হক চৌধুৰীৰ পত্নীৰ স্বাক্ষৰিত আবেদন দাখিল হৈছিল। কিন্তু বীমা কোম্পানীটোৰ ফালৰ পৰা কৰা অনুসন্ধানত লোকজনৰ মৃত্যু হোৱাৰ তথ্য মিছা বুলি প্ৰমাণিত হৈছিল।

ইয়াৰ পাছতেই গুৱাহাটীৰ পল্টনবজাৰ থানাত বীমা কোম্পানীটোৱে এখন এজাহাৰ দাখিল কৰিছিল। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মৃত্যু হোৱা বুলি প্ৰমাণপত্ৰ দিয়া হোজাইৰ এজন চিকিৎসক আৰু লোকজনক কৱৰস্থ কৰাৰ প্ৰমাণপত্ৰ দিয়া গাছতলা কৱৰস্থান কমিটীৰ সম্পাদকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চামচুল হক চৌধুৰীৰ বিৰুদ্ধেও অভিযান চলায় যদিও তেওঁ পলাতক হৈ আছিল।

আনহাতে, চামচুল হক চৌধুৰীৰ মৃত্যু হোৱা বুলি ডবকাৰ চৰকাৰী গাওঁবুঢ়া মৃদুল লস্কৰেও এখন প্ৰমাণ পত্ৰ দিছিল। কিন্তু পৰবৰ্তী সময়ত কবৰস্থান কমিটীয়ে দিয়া প্ৰমাণ পত্ৰৰ ভিত্তিতহে এই মৃত্যুৰ প্ৰমাণপত্ৰখন দিয়া বুলি এক স্পষ্টিকৰণ গাওঁবুঢ়াই ডবকা থানাত দাখিল কৰে।

ইপিনে জানিব পৰামতে, সংবাদমেলৰ পাছতেই চামচুল হক চৌধুৰীয়ে পল্টনবজাৰ থানালৈ গৈ আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে পল্টনবজাৰ থানাৰ ৫৮৬/২০১৮ আৰু ৬২৭/২০১৮ নম্বৰৰ দুটা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ  ১২০(বি)/৪২০/৪৬৮/৪৭৫ নম্বৰ ধাৰাত চামচুল হক চৌধুৰীক গ্ৰেপ্তাৰ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd