ৰঙিয়াৰ প্ৰথমটো ডিজিটেল চিত্ৰ গৃহ আনুষ্ঠানিক ভাৱে মুকলি কৰিলে প্রস্তুতি পৰাশৰে
ৰঙিয়া চহৰত ‘ডিলাইট গ’ল্ড চিনেমা’ নামেৰে এটা চিত্ৰ গৃহ শুকুৰবাৰে মুকলি কৰা হয়। অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আনুষ্ঠানিকভাৱে চিত্ৰগৃহটো মুকলি কৰে।ৰঙিয়াৰ আগশাৰীৰ ব্যৱসায়ী দুলু শইকীয়াই প্ৰায় পাঁচ কোটি টকা ব্যয় সাপেক্ষে এই চিত্ৰগৃহটো নিৰ্মাণ কৰি উলিয়াইছে।
চিত্ৰগৃহটো মুকলি কৰি দিয়া ভাষণত অভিনেত্ৰীগৰাকীয়ে কয় যে ৰঙিয়াৰ ‘ডিলাইট গ’ল্ড চিনেমা’ই অসমীয়া চলচ্চিত্ৰক আগুৱাই নিয়াত প্ৰভূত সহায় কৰিব। যিসময়ত চৰকাৰে অসমত মিনি চিত্ৰগৃহ নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আগুৱাই নিয়াৰ বাবে চিন্তা-চৰ্চা কৰিছে, তেনে সময়তে ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত নিৰ্মাণ হোৱা এনে চিত্ৰগৃহই ৰাজ্যখনত এক সুস্থ সাংস্কৃতিক পৰিৱেশৰ সূচনা কৰিব।
তেওঁ কয় যে যিসময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু সুন্দৰ সুন্দৰ চিত্ৰগৃহ দৰ্শকৰ অভাৱত বন্ধ হৈ গৈছে, সেই সময়ত ৰঙিয়াত এগৰাকী ব্যক্তিয়ে সাহস কৰি চিত্ৰগৃহ নিৰ্মাণৰ বাবে আগবাঢ়ি অহাটোৱেই সঁচাকৈয়ে আশাব্যঞ্জক কথা।
ৰঙিয়াৰ ‘ডিলাইট গ’ল্ড চিনেমা’ ই উক্ত অঞ্চলৰ ৰাইজৰ ভাল ছবি চোৱাৰ হেঁপাহ বহু পৰিমাণে পূৰণ কৰিব বুলি উল্লেখ কৰি প্ৰস্তুতিপৰাশৰে কয় যে ৰঙিয়াৰ নিচিনাকৈ অসমৰ অন্যান্য প্ৰান্ততো যদি এনেদৰে ডিজিটেল আৰ্হিৰ আধুনিক চিত্ৰগৃহ নিৰ্মাণ হয়, তেন্তে অসমীয়া ছবিৰ ভাল দিন নিশ্চয় ঘূৰি আহিব।
অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে সমগ্ৰ পৰিৱেশটো উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰো দায়িত্ব আছে। চৰকাৰৰ সহায় অবিহনে এয়া সম্ভৱ নহয়। তথাপি ব্যক্তিগত খণ্ডত এনেদৰে নিজৰ জেপৰ ধন খৰচ কৰি চিত্ৰগৃহ নিৰ্মাণৰ বাবে আগবাঢ়ি প্ৰশংসনীয় কথা।
চিত্ৰগৃহ মুকলি অনুষ্ঠানত ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, প্ৰাক্তন বিধায়ক অনন্ত ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় শৰ্মা, ৰঙিয়া ৰে’ল সংমণ্ডলৰ জ্যেষ্ঠ সংমণ্ডল অভিযন্তা জে পি সিঙকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।