• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

ৰহিঙীয়া মুচলমানক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনত সহায়ৰ লক্ষ্যৰে ম্যানমাৰ আৰু বাংলাদেশৰ মাজত চুক্তি সম্পাদন

এন ই নাও নিউজ ব্যুৰো : by এন ই নাও নিউজ ব্যুৰো :
November 23, 2017 1:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ পৰা গৃহ বিতাড়িত ৰহিঙীয়া মুচলমান সকল যাতে শংকাহীনভাৱে ম্যানমাৰলৈ ঘূৰি যাব পাৰে তাৰ বাবে বাংলাদেশ আৰু ম্যানমাৰ চৰকাৰৰ মাজত এক বুজাবুজিৰ চুক্তি হৈছে। আজি ম্যানমাৰৰ সময়মতে পুৱা ১০ বজাত হোৱা এক সন্মিলনত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী মাহমুদ আলী আৰু ম্যানমাৰৰ নেত্ৰী আং ছান চু কিৰ মাজত হোৱা আলোচনাৰ পিছত এই সিদ্ধান্তত উপনীত হোৱা যায়। অহা দুমাহৰ ভিতৰত এই ৰহিঙীয়া মুচলমানৰ গৃহ প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া আৰম্ভ হ’ব পৰাকৈ চুক্তিখন সম্পাদন কৰা হয়। চুক্তিত চহী কৰে মন্ত্ৰী মাহমুদ আলী আৰু ম্যানমাৰৰ ষ্টেইট কাউন্সেলৰৰ মন্ত্ৰী ক্যাৱ টিণ্ট ছিৱে। লগতে তেওঁলোকে ১৯৯৮ চনৰ সীমা চুক্তিক মানি চলাৰ বাবেও সন্মতি বিনিময় কৰে।  উল্লেখযোগ্য যে ম্যানমাৰৰ সেনাৰ অত্যাচাৰৰ সন্মুখীন হৈ যোৱা আগষ্টৰ পৰাই ম্যানমাৰৰ ৰাখেইন প্ৰদেশত থকা প্ৰায় ৬, ২২,০০০ ৰহিঙীয়া মুচলমানে সীমা পাৰ হৈ বাংলাদেশত আশ্ৰয় লৈছিল। আনহাতে একে দিনাই বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই ঢাকাৰ পাৰ্শ্বৱৰ্তী অঞ্চলত হোৱা এখন সভাত ভাগ লৈ ৰহিঙীয়াসকলৰ বাংলাদেশলৈ হোৱা প্ৰব্ৰজন সম্পৰ্কত কয় যে ম্যানমাৰৰ নাগৰিকসকল বাংলাদেশৰ ওপৰত এক বোজাস্বৰূপ হৈছে আৰু সেয়ে ম্যানমাৰে তেওঁলোকক সোনকালে ঘূৰাই ল’ব লাগে। বাংলাদেশৰ বাতৰি সংস্থা য়ু এন বিয়ে জনোৱা মতে বাংলাদেশৰ জ্যেষ্ঠ বিষয়াসকলৰ এখন সভাত ৰহিঙীয়া মুচলমান সকলৰ গৃহ প্ৰত্যাৱৰ্তনৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰিব লাগে বুলিও মত দাঙি ধৰা হয়। বাংলাদেশে এই গোটেই প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিবৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় জড়িত হোৱাটো কামনা কৰিছে। আনহাতে বাংলাদেশৰ এজন জ্যেষ্ঠ কূটনীতিবিদে সংবাদমাধ্যমৰ আগত নিজৰ মত ব্যক্তি কৰি কয় যে ম্যানমাৰে বাংলাদেশৰ প্ৰত্যাশা সম্পূৰ্ণকৈ পূৰ কৰিব পৰা নাই। কিয়নো তেওঁলোকে কেৱল প্ৰক্ৰিয়াটোৰ আৰম্ভণি কেতিয়া হ’ব সেইটোহে স্পষ্ট কৰিছে, কিমান দিনৰ ভিতৰত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ’ব সেয়া স্পষ্ট কৰা নাই। আন এজন কূটনীতিবিদে কয় যে বাংলাদেশে এবছৰৰ ভিতৰত এই ৰহিঙীয়াসকলৰ গৃহ প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বিচাৰে। কিন্তু ম্যানমাৰে এইটো ক্ষেত্ৰত কোনো সময় সীমা নিৰ্ধাৰণ নকৰিলে।

আনহাতে জানিব পৰা মতে আজিৰ আলোচনাৰ অন্তত এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ বাবে বৈদেশিক সচিব পৰ্য্যায়ত এটা যুটীয়া ৱৰ্কিং গ্ৰুপ গঠন কৰিবলৈও দুয়োখন দেশ সন্মত হয়। আন এক খবৰ মতে আমেৰিকাৰ গৃহ সচিব ৰেক্স টিলাৰচনে কালিৰ এক মন্তব্যত কৈছে যে ৰাখেইন প্ৰদেশৰ পৰিস্থিতি যদি উন্নত নহয়, আমেৰিকাৰ আইনৰ অধীনত ম্যানমাৰৰ ওপৰত বিভিন্ন সম্ভাব্য আৰোপকে ধৰি বিহিত ব্যৱস্থা লোৱা হ’ব।

Apply Now

মন কৰিব লগীয়া কথাটো হ’ল এই চুক্তিৰ জৰিয়তে ম্যানমাৰে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা অহা চাপ এৰাব খুজিছে আৰু সেইদৰে বাংলাদেশেও ৰহিঙীয়াসকল যাতে তাত স্থায়ীভাৱে খুপনি পুতিব নোৱাৰে তালৈ লক্ষ্য ৰাখিছে।

এন ই নাও নিউজ ব্যুৰো :

এন ই নাও নিউজ ব্যুৰো :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd