প্ৰকৃতি বিৰোধী মন্তব্যৰে ৰাইজক প্ৰস্তৰ যুগলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান ছিক্কিমৰ মুখ্যমন্ত্ৰীৰ

sikkim passes new law

সভ্য মানুহৰ পৃথিৱীত যি সময়ত, গছ-গছনি, ঘৰচীয়া, বনৰীয়া প্ৰাণীৰ প্ৰতি মানুহক সদয় হোৱাৰ বাবে, সুৰক্ষা দিয়াৰ বাবে বিভিন্ন প্ৰকৃতি প্ৰেমী দল –সংগঠন, আৰু লোকে নানা কাৰ্যপন্থা আৰু উদ্যোগ গ্ৰহণ কৰিছে, প্ৰকৃতিৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ  আহ্বান জনাই আহিছে, সেই সময়তেই ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে গ্ৰহণ কৰা প্ৰকৃতি বিৰোধী স্থিতিত সচেতন মহলৰ চকু কপালত উঠিছে।  ছিকিমৰ মুখ্যমন্ত্ৰী চামলিঙে নিজৰ বাজেট অধিৱেশনৰ বিদায়ী ভাষণত বনৰীয়া জীৱ-জন্তু বিৰোধী মন্তব্যৰে জনসাধাৰণক প্ৰস্তৰ যুগলৈ প্ৰত্যাৱৰ্তনৰ  আহ্বান জনোৱা বুলি ক’লেও বঢ়াই কোৱা নহয়।

জানিব পৰা গৈছে যে ছিকিম বিধান সভাৰ বাজেট অধিৱেশনৰ সামৰণি ভাষণত মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে যে খেতি পথাৰত সোমোৱা আৰু পোহনীয়া জীৱজন্তু, চৰাই আদিক আক্ৰমণ কৰা জীৱ-জন্তুক ৰাইজে শিল, টাঙোন আৰু অস্ত্ৰেৰে খেদি পঠোৱাৰ লগতে সিহঁতক হত্যা কৰিলেও তাৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।

ভাৰতত নিৰ্বাচনত জয়ী হোৱাৰ বাবে যোগ্যতাৰ কোনো নিম্নতম মাপকাঠি নথকাৰ বাবে যি কোনো ধৰণৰ লোকে শাসন ব্যৱস্থাটোত  ভীৰ কৰাটো এটা সাধাৰণ ঘটনা হৈ পৰিছে। ছিকিমৰ ক্ষেত্ৰত আজি যেন আৰু এখোঁপ চেৰাই গৈ প্ৰস্তৰ যুগৰ চিকাৰী আৰু সংগ্ৰহকাৰী আদি মানৱৰ জীৱনক আকোঁৱালি ল’বলৈ আহ্বান কৰিলে স্বয়ং মুখ্যমন্ত্ৰীজনে, য’ত দৰাচলতে হতবাক হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

পবিত্ৰ সদনৰ মজিয়াৰ বাজেট ভাষণত  বনৰীয়া জীৱজন্তুৱে খেতি পথাৰত উৎপাত কৰা সন্দৰ্ভত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা কৃষক ৰাইজৰ অভিযোগৰ উত্তৰত মুখ্যমন্ত্ৰীজনে কয় ‘ৰাইজে তেওঁলোকৰ খেতি পথাৰলৈ অহা জীৱ-জন্তুক শিল, লাঠি, টাঙোন আৰু অস্ত্ৰেৰে খেদি পঠোৱাৰ লগতে সিহঁতক কেদি পঠোৱাৰ সময়ত সেই জীৱটোৰ মৃত্যু হ’লেও লোকজনৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহ’ব আৰু ইয়াক এটি দুৰ্ঘটনাজনিত মৃত্যু হিচাপে গণ্য কৰা হ’ব’।

মুখ্যমন্ত্ৰীজনে আনকি বন বিভাগকো এই সন্দৰ্ভত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এক নিৰ্দেশনা জাৰী কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীজনে প্ৰকাৰান্তৰে হত্যাৰ বাবে প্ৰৰোচিত কৰা জীৱসমূহৰ তালিকাত আছে নিগনিৰ লগতে অত্যন্ত বিপদাপন্ন তথা বিৰল প্ৰজাতিৰ চিতাবাঘ, লেপাৰ্ড, বনৰীয়া মেকুৰি, শিয়াল, বনৰৌ, ভালুক, বনৰীয়া গাহৰি আৰু বান্দৰ।

অৱশ্যে তেওঁ পিছত কয় যে  কোনো মানুহে অৰণ্যত প্ৰৱেশ কৰি অপ্ৰৰোচিতভাৱে অৰণ্যৰ জীৱ জন্তু হত্যা কৰাৰ অধিকাৰ নাই।

উল্লেখ্য যে ৰাজ্যখনৰ গাঁৱলীয়া  এলেকাসমূহৰ পৰা বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটিয়ে খেতি পথাৰ নষ্ট কৰা আৰু পোহনীয়া জীৱ-জন্তু হত্যা কৰাৰ নিয়মিত অভিযোগ উত্থাপিত হৈ আহিছে।