ৰাগনাচেৰাত স্থায়ী দলং নিৰ্মাণৰ দাবীৰে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ পুৰ্বাঞ্চল এক্সিম অব কমাৰ্চৰ

raghnacherra

ৰাগনাচেৰা নদীৰ ওপৰত দলং নিৰ্মাণ,  এটা ভূমি শুল্ক আস্থান স্থাপন কৰা, ধৰ্মনগৰৰ ৰাগনাবাজাৰত থকা ভূমি শুল্ক আস্থানত থকা দলঙৰ দুয়ো পাৰে এশ মিটাৰ পৰ্যন্ত পথ পকীকৰণ আৰু এটা সংহত চৌহদ নিৰ্মাণ কৰাৰ বাবে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে পুৰ্বাঞ্চল এক্সিম অব কমাৰ্চে।

পুৰ্বাঞ্চল এক্সিম অব কমাৰ্চৰ সচিবে স্বাক্ষৰ কৰা মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে সামগ্ৰীৰ ট্ৰেন্সছিপমেণ্টৰ সময়ত এখন স্থায়ী দলঙৰ অভাবত যথেষ্ট অসুবিধা হয়।

তেওঁলোকে কয় যে দেশৰ বিকাশৰ বাবে এখন স্থায়ী দলং  আৰু এটা সংহত চৌহদ স্থাপন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

চেম্বাৰ্চ অব কমাৰ্চে উল্লেখ কৰিছে যে ৪২নং সীমা পথ নিৰ্মাণ কাৰ্যবাহী দলক (42 Border Roads Task Force) ভূমি শুল্ক আস্থানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছিল যদিও ২০০৮ চনত তেওঁলোকে কাম আধাতে সামৰি ত্ৰিপুৰা এৰি যায়।

পত্ৰখনত আৰু উল্লেখ কৰা হৈছে যে মাথোঁ কেইগজমান দূৰতে বাংলাদেশৰ এলেকা আৰম্ভ হোৱা স্থানত অৱস্থান কৰা এই দলংখন নিৰ্মাণৰ বাবে চুবুৰীয়া দেশখনে প্ৰয়োজনীয় অনুমতি প্ৰদান কৰিছে।

চেম্বাৰ্চে দাবী কৰিছে যে যিমান পাৰি সোনকালে শুল্ক, প্ৰব্ৰজন আৰু গুডামঘৰসহ এটা সংহত চৌহদটো স্থাপন কৰি দেশৰ বাণিজ্যক আগবাঢ়ি যোৱাত চৰকাৰে আগভাগ ল’ব লাগে। এই সন্দৰ্ভত চেম্বাৰ্চ অব কমাৰ্চে আৰু জানিবলৈ দিয়ে যে চৌহদটো নিৰ্মাণৰ বাবে আৱশ্যকীয় ভূমিখিনি উদ্যোগ আৰু বাণিজ্য সঞ্চালকে অধিগ্ৰহণ কৰাৰ লগতে পৰিচায়ক চিহ্ন দি থৈছে।

দেশখনৰ ব্যৱসায়ৰ উন্নতিৰ হকে দলংখন অতি শীঘ্ৰেই নিৰ্মাণ কৰি উলিওৱাৰ বাবে চেম্বাৰ্চ অব কমাৰ্চে মুখ্য মন্ত্ৰীৰ ওচৰত দাবী জনাইছে।