NORTHEAST NOW (Assamese)

ৰাজ্যপালে হিন্দীত ভাষণ দিয়াৰ পিছতে মেঘালয় বিধানসভাৰ বাহিৰে-ভিতৰে প্ৰতিক্ৰিয়া

March 19, 2018 5:05 pm · অনিৰ্বাণ ৰয়

হিন্দী ভাষাক হিন্দী বলয় তথা বিজেপিৰ আধিপত্য বিস্তাৰৰ আহিলাত পৰিণত হোৱাৰ শংকাত ভুগিছে মেঘালয়বাসী। নৱ নিৰ্বাচিত মেঘালয় বিধানসভাত নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশত ৰাজ্যপাল গংগাপ্ৰসাদে হিন্দী ভাষাত ভাষণ দিয়াক লৈ এতিয়া বিধানসভাৰ বাহিৰে-ভিতৰে এতিয়াও প্ৰতিক্ৰিয়া চলি থকা দেখা গৈছে।

উল্লেখযোগ্য যে ৰাজ্যপালজনে বাজেট অধিৱেশনৰ প্ৰথম দিনা হিন্দীত ভাষণ দিয়াত ইয়াৰ প্ৰতিবাদ কৰি কংগ্ৰেছৰ বিধায়িকা এম্পাৰীন লিংডোৱে বিধানসভাৰ মজিয়া ত্যাগ কৰিছিল। তেওঁ হিন্দী ভাষাক এক প্ৰকাৰৰ ‘অচিনাকি’ ভাষা বুলি বাৰ্তা দিব বিচাৰে আৰু ইয়াক মেঘালয়ৰ জনজাতীয় লোকৰ ওপৰত আৰোপণ আখ্যা দিয়ে। তেওঁক পি টি চোৱাকমিকে ধৰি আন কেইবাজনে সমৰ্থন দিয়ে। ফলত মেঘালয়ৰ বিধানসভাত কিছুসময়ৰ বাবে হুলস্থূলৰ সৃষ্টি হৈছিল।

লক্ষণীয়ভাৱে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমাণ পূব শ্বিলঙৰ বিধায়িকা লিংডোৱে ৰাজ্যপালৰ এই কাৰ্য্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিবৰ বাবে আজি বিধানসভাত খাচি ভাষাত ক’বলৈ আৰম্ভ কৰে। তেওঁ খাচি আৰু ইংৰাজী মিহলাই নিজৰ বক্তব্য দাঙি ধৰে, যিটো গাৰো সদস্যসকলৰ বাবে বুজাত অসুবিধা হয়।

এইখিনিতে ক’ব পাৰি যে মেঘালয়ত তিনিটা প্ৰধান জনজাতি আছে, খাচি, জয়ন্তীয়া আৰু গাৰো। মেঘালয় বিধানসভাত ইমান দিনে ইংৰাজীতে ভাষণ দিয়াৰ নিয়ম চলি আহিছিল।

মন কৰিব লগীয়া যে ৰাজ্যপাল গংগা প্ৰসাদে বিধানসভাৰ মজিয়াত হিন্দীত ভাষণ দিয়া ঘটনাটো আৰু ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে এম্পাৰীন লিংডোৰ খাচিত ভাষণ দিয়া, দুয়োটাৰে প্ৰতিক্ৰিয়া বিধানসভাৰ বাহিৰতো দেখা গৈছে।

‘এইটো মুঠেই ভাল পৰম্পৰা নহয়। আমি এখন সৰু ৰাজ্য যাৰ চহকী সংস্কৃতি আছে। কিন্তু এইটো কৰি আমাৰ মাজতে বিভাজন আনিছো।’ –ডেনিয়েল এম থাংখিউ নামৰ এজনে নিজৰ ফেইচবুকৰ ৱালত কয়। একেদৰে বেনিছন কামাৰ নামৰ এজনে খাচি ভাষাতে কয়, ‘বিয়াং ভা’, অৰ্থাৎ ভাল হৈছে।

আনহাতে বহুতে ৰাজ্যখনৰ বিধানসভাৰ মজিয়াত হিন্দীত ভাষণ দিয়াৰ এই ঘটনাটোক এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰখন বিজেপিয়ে নিজৰ চৰকাৰ বুলি দেখুৱাবলৈ যোৱা প্ৰয়াসৰ অংশ বুলিও বহুতে ক’ব খোজে। তাৎপৰ্য্যপূৰ্ণভাৱে হিন্দী ভাষণক লৈ হোৱা প্ৰতিক্ৰিয়াৰ ২৪ ঘণ্টা পাৰ নহওঁতেই ৰাজ্যপাল গংগা প্ৰসাদে পাটনাত এটা হিন্দী নিউজ চেনেলক কয় যে হিন্দীক গোটেই দেশৰে সংযোগী ভাষা হিচাপে তুলি ধৰিব লাগে। তেওঁ কয়, ‘একেবাৰে ভিতৰুৱা গাৱঁতো মোক কোনেও হিন্দী কোৱাৰ বাবে আপত্তি কৰা নাই। বৰং মানুহে মোক প্ৰশংসাহে কৰিছে।’

উল্লেখযোগ্য যে গংগা প্ৰসাদ বিহাৰৰ এজন প্ৰাক্তন মন্ত্ৰী। তেওঁ গাৰো হিলছক (গাৰো পাহাৰক) ‘গোড়া হিলছ’ বুলি কৈও বিতৰ্কৰ সৃষ্টি কৰিছিল।

Related News