ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) কামত কোনো বাধা নোহোৱাকৈ পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিলেও ৰাজ্যিক নির্বাচন আয়োগে সময়মতে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰে৷
উল্লেখযোগ্য যে এন আৰ চি সম্পর্কীয় গোচৰৰ শুনানিত ৰাজ্যিক নির্বাচন আয়োগে দাখিল কৰা শপতনামা সন্দর্ভত উচ্চতম ন্যায়ালয়ে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাটো নির্বাচন আয়োগৰ বিষয় বুলি উল্লেখ কৰিছিল৷ উপায়ুক্তৰ পৰিৱর্তে অতিৰিক্ত উপায়ুক্ত সকলক ৰিটার্নিং বিষয়া হিচাপে নিয়োগ কৰি তথা প্রয়োজনত বহিঃৰাজ্যৰ বিষয়া-কর্মচাৰীৰে নির্বাচন অনুষ্ঠিত কৰাৰ নির্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷
এই নির্দেশৰ পাছত ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ জিলাৰ উপায়ুক্তৰ পৰিৱর্তে অতিৰিক্ত উপায়ুক্তসকলক দায়িত্ব অর্পণ কৰে৷ অতিৰিক্ত উপায়ুক্তসকলক দায়িত্ব অর্পণ কৰে যদিও উপায়ুক্তসকলে এন আৰ চিৰ কাম চলি থকা সময়ত পঞ্চায়ত নির্বাচনত নিয়োজিত হোৱাটো অসম্ভৱ বুলি ৰাজ্যিক নির্বাচন আয়োগক অৱগত কৰে৷ ইফালে এই সন্দৰ্ভত, উচচতম ন্যায়ালয়ক শপতনামাযোগে ৰাজ্যিক নির্বাচন আয়োগক অৱগত কৰিব৷
উল্লেখযোগ্য যে চলিত মাহৰ পৰা পঞ্চায়তসমূহৰ কার্যকাল অন্ত পৰিবলৈ আৰম্ভ কৰিছে৷ অসমত থকা ৰাজ্যিক কর্মচাৰীৰ সংখ্যা প্রায় ৪.৫ লাখ৷ ইয়াৰে ৰাজ্যত চলি থকা এন আৰ চিৰ বাবে প্রায় ৫০ হাজাৰ কর্মচাৰী নিয়োজিত হৈ আছে৷
পঞ্চায়ত নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ প্রায় ১.৮৪ লাখ বিষয়া-কর্মচাৰীৰ প্রয়োজন৷ প্রায় ৪.৫ লাখ ৰাজ্যিক কর্মচাৰীৰ ভিতৰত ৪৫-৫০ হাজাৰ এন আৰ চিৰ কামত নিয়োজিত বিষয়া-কর্মচাৰীক পঞ্চায়ত নির্বাচনত নিয়োজিত কৰাত উচচতম ন্যায়ালয়ৰ বাধা আছে৷ বাকী থকা ৰাজ্যিক কর্মচাৰীৰ অধিকাংশই নিৰাপত্তা, জৰুৰীকালীন সেৱাৰ লগত জড়িত৷ সেয়েহে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ সময়ত ৰাজ্যিক কর্মচাৰীক নিয়োজিত কৰিলে কমেও এটা সপ্তাহ ৰাজ্যৰ প্রশাসন, শিক্ষানুষ্ঠান বন্ধ হৈ পৰিব৷
অৱশ্যে বহুসংখ্যক জিলাৰ উপায়ুক্তই অতিৰিক্ত উপায়ুক্তসকলক ৰিটার্নিং বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰিলেও বিষয়া-কর্মচাৰীৰ অভাৱৰ কথা ৰাজ্যিক নির্বাচন আয়োগক অৱগত কৰিছে৷ যাৰ ফলত এতিয়া কৰ্মচাৰীৰ অভাৱত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰো বুলি উচ্চতম ন্যায়ালয়ত ৰাজ্যিক নির্বাচন আয়োগে শপতনামা দাখিল কৰিব। অর্থাৎ, পঞ্চায়ত সমূহৰ কার্যকাল উকলি গ’লেও সময়ত যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত নহয় সেয়া খাটাং।