ৰাজ্যৰ চাহ বাগিচাত স্থাপন হ’ব ১০০ খন বিদ্যালয় : মুখ্য মন্ত্ৰী সোণোৱাল

অসম চৰকাৰে শীঘ্ৰে ৰাজ্যখনৰ চাহ বাগিচা এলেকাত ১০০ খন হাইস্কুল নিৰ্মাণ কৰাৰ উপৰি চাহ বাগিচা সমূহত কৰ্মৰত লাইন চৰ্দাৰক সকলক প্ৰদান কৰিব একোটাকৈ স্মাৰ্ট ফোন।

তাৰোপৰি অসম চৰকাৰে প্ৰতি বছৰে প্ৰায় ৪৭০০০ গৰ্ভৱতী মহিলা চাহ শ্ৰমিকক প্ৰসৱকালীন সময়ত পৰিপুষ্টিৰ বাবে ১২,০০০ টকাকৈ আৰু ১২ ৰ পৰা ২০ বছৰ বয়সৰ পাঁচ লাখ কিশোৰী-যুৱতীক ছেনিটেৰি নেপকিন ক্ৰয়ৰ বাবে বাৰ্ষিক ৬০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব।

এই ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ চাহ জনজাতি কল্যাণ আৰু সংশ্লিষ্ট আন বিভাগ সমূহক নিৰ্দেশ প্ৰদান কৰিছে। মুখ্য মন্ত্ৰীৰ সভাকক্ষত শনিবাৰে অনুষ্ঠিত হোৱা এক পৰ্যালোচনা বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে এই নিৰ্দেশ প্ৰদান কৰে।

এই বৈঠকতে মুখ্য মন্ত্ৰী গৰাকীয়ে চাহ উদ্যোগকে ধৰি প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা থকা ৰবৰ, বাঁহ, আদা আদিৰ উৎপাদন আৰু বিপণনৰ দিশ সমূহ চোৱাচিতা কৰিবৰ বাবে এটা সুকীয়া বিভাগ মুকলি কৰাৰ নিৰ্দেশ দিয়ে।

আনহাতে চাহ বাগিচাত নিৰ্মাণ কৰিব লগীয়া এই ১০০ খন হাইস্কুল মডেল হাইস্কুল ৰূপে গঢ়ি তোলাৰ উপৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যালয় সমূহৰ যাতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে তাৰ বাবে অত্যাধুনিক নিৰ্মাণ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

ইফালে বাগিচাৰ লাইন চর্ডাৰ সকলক স্মার্ট ফোন বিতৰণৰ দায়িত্ব ল’বলৈ চাহ জনজাতি কল্যাণ বিভাগক নির্দেশ দিয়ে।

লগতে মুখ্য মন্ত্রী গৰাকীয়ে চাহ বাগিচাসমূহত স্বাস্থ্য সজাগতাৰ বাবে ব্যাপক কার্যসূচী গ্রহণৰ পোষকতা কৰি মহিলা আত্মসহায়ক গোটসমূহক এই কার্যত জড়িত কৰিবলৈ স্বাস্থ্য বিভাগক আহবান জনায়।