ৰাজ্যৰ সহস্ৰাধিক অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰিৰ ক্ষেত্ৰত দেখা দিছে অনিশ্চয়তা

বিদ্যুৎ

ৰাজ্যত সময়ে সময়ে বিদ্যুৎ মাচুল বৃদ্ধি কৰি থকা হৈছে যদিও বিদ্যুৎ মাচুল সংগ্ৰহৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা মিটাৰ ৰীডাৰ-বিল ক্লাৰ্ক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰে শাসনভাৰ লোৱাৰ পিছত বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৩.৯৪ টকাৰ বিপৰীতে ৫.৩৯ টকালৈ বৃদ্ধি কৰিছে।

আনহাতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত ৰাজ্যখনৰ বিভিন্ন জিলাত কৰ্মৰত ২০১৪ গৰাকী মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্কৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে বিধি-পথালি দিয়াৰ অভিযোগ উঠিছে। বিগত প্ৰায় ১০ বছৰ ধৰি ন্যূনতম কমিছনৰ বিনিময়ত কৰ্মৰত এই অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণৰ বিপৰীতে শেহতীয়াকৈ খালী হৈ থকা প্ৰায় দুই সহস্ৰাধিক পদ পূৰণৰ বাবে বিজ্ঞাপন দিয়াৰ প্ৰস্তুতি চলাইছে।

আনহাতে চৰকাৰখনে এই খালী পদ পূৰণৰ বাবে চলোৱা প্ৰস্তুতিয়ে অস্থায়ী কৰ্মচাৰী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যাৰ ফলত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰীডাৰ সন্থাই ইতিমধ্যে এলানী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

সন্থাৰ সভাপতি ৰেৱকান্ত মেধি আৰু সাধাৰণ সম্পাদক হেমন্ত বৰাই প্ৰকাশ কৰা অনুসৰি মুখ্য মন্ত্ৰী আৰু এ পি ডি চি এলৰ অধ্যক্ষক স্মাৰকপত্ৰৰ জৰিয়তে ২৬ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ চাকৰি নিয়মীয়া আৰু সুৰক্ষিত কৰাৰ সময়সীমা বান্ধি দিছিল। কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে ফলত কেইবা সহস্ৰাধিক কৰ্মচাৰীয়ে পুনৰ যোৱা ২ ফেব্ৰুৱাৰিত বিজুলী ভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকৰ সমস্যা সমাধানৰ দাবী জনায়। কিন্তু ইয়াৰ পিছতো বৰ্তামানলৈকে ৰাজ্যৰ চৰকাৰখনে এই ক্ষেত্ৰত সামান্যতমো গুৰুত্ব প্ৰদান কৰা নাই।

সেয়েহে অহা ২৩ ফেব্ৰুৱাৰিত সন্থাই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। কাৰ্যসূচী অনুসৰি ২৩ ফেব্ৰুৱাৰিত মহানগৰৰ বিজুলী ভৱনৰ সন্মুখত ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সন্থাই বুলি হুংকাৰ দিছে।