শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদে ইয়াৰ সদ্য সমাপ্ত ২৬সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত অভিযোগ কৰিছে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ৫ লাখ কৰ্মচাৰীক চৰম অৱজ্ঞা কৰিছে। কৰ্মচাৰী পৰিষদে সকীয়াই দিছে যে যদিহে চৰকাৰে এই মনোভাৱ ত্যাগ নকৰে, তেন্তে অনাগত সময়ত চৰকাৰে ইয়াৰ প্ৰতিফল পাব।
আমগুৰি ৰাজহুৱা ভৱনত অনুষ্ঠিত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ ২৬সংখ্যক দ্বিবাৰ্ষিক আৰু আমগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশনত গোট খোৱা বিশিষ্ট অতিথিসকলৰ আগত প্ৰদান কৰা এটা ভাষণত সদৌ অসমৰ কৰ্মচাৰী পৰিষদৰ ভূতপূৰ্ব সচিব তথা বৰ্তমানৰ উপদেষ্টা নাথে এইদৰে কয়। এই অধিৱেশনখন দেওবাৰে সমাপ্ত হয়।
তেওঁ আৰু কয় যে তেওঁ আৰু কয় যে চৰকাৰ সলনি হৈছে কিন্তু অসমৰ সমস্যা একেদৰেই আছে। তেওঁ আৰু কয় যে ৰাজ্যখনৰ ৪১হাজাৰ কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, ভোটাৰ তালিকা প্ৰস্তুতকৰণ, আদি কামত পৰম ঐকান্তিকতাৰে দিন ৰাতি একাকাৰ কৰি খাতি আছে।
কিন্তু চৰকাৰে এতিয়াও তেওঁৰ চৰকাৰে এতিয়াও ত্ৰুটিপূৰ্ণ দৰমহা গাঁথনি (defective pay rule) ঠিক কৰা নাই।
মুকলি অধিৱেশনত সভাপতিত্ব কৰিছিল শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিজয়কৃষ্ণ দত্তই।মুকলি অধিৱেশন উদ্বোধন কৰে আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৌচুমী চেতিয়াই। বৈঠকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, আছুৰ শিক্ষা সম্পাদক শৰত হাজৰিকা, এছকেএপিৰ সম্পাদক ফকৰুদ্দিন আহমেদ উপস্থিত আছিল।
আদিৰে পৰা অন্তলৈকে আঁত ধৰিছিল শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক ভাস্কৰ নাথে অনুষ্ঠানটোত। আমগুৰি লেখিকা সমাৰোহ সমিতিয়ে এটা সমৱেত সংগীত পৰিৱেশন কৰিছিল। সভাত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ পূৰ্বৰ নেতা অনন্ত কাকতী, নাজমুল হুছেইন আৰু নগেন দাসক সম্বৰ্ধনা জনোৱা হয়। দিনজোৰা অনুষ্ঠানটো আৰম্ভণি কৰা হয় আমগুৰি আউনিআটীয়া হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যুগল কিশোল ফুকনে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ উদ্বোধন কৰে। প্ৰথম দিনৰ কাৰ্যসুচীত আছিল পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আৰু আমগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদ আৰু শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি সভা।