• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাম মন্দিৰৰ পুৰোহিত হ’ব খুজিছে নেকি? কি কি অৰ্হতাৰ প্ৰয়োজন? নিযুক্তি কেনেকৈ হ’ব? সকলো জানি লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2023 11:01 am
1.8k
VIEWS
Share on FacebookShare on Twitter

২০২৪ চনৰ জানুৱাৰী মাহত মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। ইয়াৰ পূৰ্বে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে এই মন্দিৰৰ পুৰোহিতৰ পদৰ বাবে বিজ্ঞাপন প্ৰচাৰ কৰিছে।

ইতিমধ্যে বিজ্ঞাপনটোৱে বিপুল সঁহাৰি পাইছে। ৰাম মন্দিৰ ন্যাসৰ এজন বিষয়াই কয় যে মাত্ৰ ২০টা খালী পদৰ বাবে কমেও ৩০০০ প্ৰাৰ্থীয়ে আবেদন কৰিছিল! কিন্তু সকলোৱে নিযুক্তি নাপাব। অতি জটিল হ’ব এই নিযুক্তি প্ৰক্ৰিয়া।

ন্যাসৰ বিষয়াসকলে জনোৱা মতে, ৩ হাজাৰ আবেদনকাৰীৰ ভিতৰত প্ৰথম অৱস্থাত ২০০ প্ৰাৰ্থীক মেধাৰ ভিত্তিত নিৰ্বাচিত কৰা হৈছে। তেওঁলোকৰ সাক্ষাৎকাৰ লোৱা হ’ব। ন্যাসে সাক্ষাৎকাৰৰ জৰিয়তে ২০০ জনৰ ভিতৰত ২০ জন প্ৰাৰ্থীক বাছনি কৰিব। 

অযোধ্যাৰ কাৰ্ছেৱকপুৰমত থকা বিশ্ব হিন্দু পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰৰ। সাক্ষাৎকাৰসমূহ পৰিচালনাৰ বাবে তিনিজনীয়া এটা পেনেল গঠন কৰা হৈছে। পেনেলত উপস্থিত থাকিব বৃন্দাবনৰ পুৰোহিত জয়কান্ত মিশ্ৰ আৰু অযোধ্যাৰ দুই মহন্ত – মিথিলেশ নন্দিনী সাৰণ আৰু সত্যনাৰায়ণ দাস।

সাক্ষাৎকাৰত কি কি প্ৰশ্ন সুধিব? ন্যাসৰ কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰীয়ে কয়, “সন্ধ্যাবন্দন কি, ইয়াৰ পদ্ধতি কি আৰু এই পূজাৰ মন্ত্ৰ কি? ভগৱান ৰামক পূজা কৰাৰ মন্ত্ৰ কি আৰু ইয়াৰ বাবে কি কি কৰ্মৰ প্ৰয়োজন? এই ধৰণৰ প্ৰশ্ন পৰীক্ষাৰ্থীক সোধা হ’ব।”

সাক্ষাৎকাৰত নিৰ্বাচিত ২০ জন প্ৰাৰ্থীক পুৰোহিত হিচাপে নিযুক্তি দিয়া হ’ব। ইয়াৰ পিছত প্ৰদান কৰা হ’ব ছমাহৰ আৱাসিক প্ৰশিক্ষণ। প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত তেওঁলোকক ৰাম মন্দিৰৰ বিভিন্ন পুৰোহিতৰ পদত নিযুক্তি দিয়া হ’ব। ২০ জনৰ তালিকাত নিৰ্বাচিত নহ’লেও আন প্ৰাৰ্থীসোলে আৱাসিক প্ৰশিক্ষণ লোৱাৰ সুযোগ লাভ কৰিব। অযোধ্যাৰ শীৰ্ষ সন্তসকলে এই প্ৰশিক্ষণৰ বাবে ইতিমধ্যে ধৰ্মীয় পাঠ্যক্ৰম প্ৰস্তুত কৰিছে।

প্ৰশিক্ষণৰ সময়ত প্ৰাৰ্থীসকলে বিনামূলীয়াকৈ খাদ্য আৰু থকাৰ ব্যৱস্থা লাভ কৰিব। তদুপৰি তেওঁলোকে বৃত্তি হিচাপে প্ৰতিমাহে ২০০০ টকা লাভ কৰিব। ট্ৰাষ্টৰ কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰীয়ে এই প্ৰাৰ্থীসকলক প্ৰশিক্ষণৰ পিছত বিশেষ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। 

ভৱিষ্যতে যদি কোনো পুৰোহিতৰ পদ খালী হয় বা অযোধ্যাৰ ৰাম মন্দিৰত নতুন পদৰ সৃষ্টি হয়, তেন্তে এই প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰাৰ্থী সকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd