ৰিপ’ৰ্ট কাৰ্ডৰ বিষয়ত সভাপতি ৰঞ্জিত দাসক উভতি ধৰিছে বিজেপিৰ বিধায়কে : পইচা নাই পুস্তিকা চপাবলৈ

l_Ranjit-Das-1502260320

ৰঞ্জিত দাস। ফাইল ফটো।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰাজ্যখনৰ দলটোৰ সকলো বিধায়ককে তেওঁলোকৰ দুবছৰীয়া কামৰ খতিয়ান দিবৰ বাবে অহা ৩০ জুলাই সময়সীমা বান্ধি দিয়াক লৈ দলটোৰ বিধায়কসকলৰ মাজত এতিয়া দেখা গৈছে তীব্ৰ অসন্তুষ্টি-আপত্তি।

উল্লেখযোগ্য যে ৰঞ্জিত দাসে কিছু দিনৰ পূৰ্বে সকলো বিধায়ককে তেওঁলোকে নিজৰ নিজৰ সমষ্টিত যোৱা দুটা বছৰত কৰা কামৰ সবিশেষ ৰঙীন পুস্তিকাৰ আকাৰে প্ৰকাশ কৰি দলৰ সভাপতিক জমা দিবলৈ নিৰ্দেশ দিয়াৰ লগতে ভোটাৰৰ মাজতো বিলাবলৈ নিৰ্দেশ দিছিল।

কিন্তু ইয়াকে লৈ এতিয়া দলটোৰ ভিতৰচ’ৰাত দেখা গৈছে ক্ষোভৰ উদগিৰণ। দলটোৰ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ইতিমধ্যে এই কথাটোৰ এক প্ৰকাৰে বিৰোধিতা কৰিছে।

“সভাপতিয়ে ক’লে বুলিয়েই খতিয়ান দিব লাগিব বুলি কথা নাই।” মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে কয়। আনহাতে তেওঁ এনেকৈ পুস্তিকা প্ৰকাশ কৰি বিতৰণ কৰিবলৈ নিজৰ পইচা নাই বুলিও কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে গগৈয়ে বিধায়কৰ কেটেগৰি থকা বুলিও কটাক্ষ কৰে। “বিধায়কৰ কেটেগৰি আছে। কিছুমান বিধায়কৰ আগৰ পৰাই ‘ব্যৱসায়’ আছে। কিন্তু আমি কৰ্মীৰ পৰা বিধায়ক হৈছো। আমাৰ অৱস্থা সিমান স্বচ্ছল নহয়।” এইদৰে কয় বিধায়কজনে।

আনহাতে তেওঁ এইদৰে পুস্তিকা বিতৰণ কৰাৰ কোনো প্ৰয়োজন নাই বুলিও কয়। তেওঁ কয়, “মানুহে আমাক দেখিয়ে আছে কি কৰিছো। গতিকে নতুনকৈ ৰাইজক ক’ব লাগিব বুলি ভবা নাই।”

একেই ভাষ্য দিয়ে থাওৰাৰ বিজেপিৰ বিধায়ক কুশল দুৱৰীয়ে। তেওঁ কয়, “আমাৰ ফাইনেন্সিয়েলি বহুত প্ৰবলেম থাকে। কাৰণ এখন খাতিয়ান (খতিয়ান) একেবাৰে বেয়াকৈ উলিয়ালেও গ্ৰহণযোগ্য নহয়। বেটুপাতকে ধৰি গোটেইখিনি সুন্দৰভাৱে বনাব লগীয়া হয়। গতিকে সেইখিনি ক্ষেত্ৰত আমাৰ ৪-৫ লাখ টকা খৰচ হয়। প্ৰত্যেকজন এম এল এ সেইখিনি খৰচ কৰাটো সম্ভৱ নহয়। সেইটো দল বা চৰকাৰৰ পৰা দিয়াৰ সুবিধা নাই।”

দলৰ নিৰ্দেশ সন্দৰ্ভত তেওঁ কয়, “খতিয়ানতো দিব লাগে। আমি দলক খাতিয়ান দিম। ৩০ তাৰিখৰ ভিতৰত দিব দিছে, আমি দিম। এই খাতিয়ানতো একেবাৰে সহজ। মই কি কি কৰিলো, কি কি পালো সেইখিনি মই সভাপতিৰ ওচৰত দাখিল কৰি দিম। কিন্তু ৰাইজক বিতৰণ কৰাটোত সমস্যা আছে।”

উল্লেখযোগ্য যে যোৱা বছৰো থাওৰা সমষ্টিৰ বিধায়কজনে নিজৰ এবছৰীয়া কামৰ খতিয়ান ৰঙীন পুস্তিকাত প্ৰকাশ কৰিছিল। মাত্ৰ তিনিশমান পুস্তিকা প্ৰকাশ কৰোঁতেই বিধায়কজনে প্ৰায় ২ লাখ টকা খৰচ কৰিছিল বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে।

আনহাতে ইয়াৰ মাজতে পূব-গুৱাহাটীৰ বিধায়ক তথা শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ দুবছৰীয়া কামৰ খতিয়ান দিয়ে।

মন কৰিব লগীয়া যে মোদীয়ে তেওঁৰ নেতৃত্বৰ চাৰি বছৰীয়া চৰকাৰখনৰ সফলতাৰ প্ৰচাৰ কৰাৰ বাবে শ শ কোটি টকা খৰচ কৰাক লৈ দেশজুৰি সমালোচনাৰ জোৱাৰ উঠি থকাৰ মাজতে মুখ্য মন্ত্ৰী সোণোৱাল আৰু দলৰ ৰাজ্যিক নেতৃত্বই মোদীৰ চাৰিবছৰীয়া কামৰ খতিয়ান ৰঙীন পুস্তিকাৰ ৰূপত প্ৰকাশ কৰি ঘৰে ঘৰে বিলাই ফুৰা দেখা গৈছে।

আন এটা সূত্ৰই কয় যে বিধায়কসকলে কামৰ খতিয়ান লৈ ঘৰে ঘৰে যাব পৰাকৈ কোনো বিধায়কে তেনেকুৱা কাম পোৱা নাই বা আঁচনি ল’ব পৰাকৈ ধনৰ যোগান নাই। গতিকে পুস্তিকাৰ ৰূপত খতিয়ান দাঙি ধৰি তাক ভোটাৰৰ ওচৰত উপস্থাপন কৰাটো এটা সমস্যা হৈ দেখা দিছে বিধায়কসকলৰ বাবে।