যি সময়ত ৰে’ল যাত্ৰাৰ নিৰাপত্তাক লৈ বিভিন্ন মহলত প্ৰশ্নৰ উদ্বেগ হৈছে সেই সময়তে নগাওঁ জিলাৰ কামপুৰৰ চাংচকী বৰগাঁৱৰ এজন ব্যক্তিৰ ছেকেন্দ্ৰৰাবাদ অভিমুখী ৰে’লৰ পৰা সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ছেকেন্দ্ৰৰাবাদ অভিমুখী ৰেলৰ পৰা সন্ধানহীন হৈছে নগাঁও জিলাৰ কামপুৰ চাংচকী গাঁৱৰ এজন যুৱক। পদ্ম মিলিক নামৰ ব্যক্তিজনে আন দুজনৰ সৈতে হায়দৰাবাদত কাম কৰিবলৈ বুলি ওলাই গৈ সোমবাৰে পুৱা গুৱাহাটীৰ পৰা ৰে’লত যাত্ৰা আৰম্ভ কৰিছিল।
তেওঁৰ লগত যোৱা দুজন সহযাত্ৰী সময়মতে গন্তব্য স্থানত উপস্থিত হ’লগৈ যদিও পদ্ম মিলিক গৈ নাপালে। যাৰ বাবে পদ্ম মিলিকৰ কোনো সম্ভেদ নোপোৱাত পৰিয়ালৰ লোক অধিক চিন্তিত হৈ পৰিছে।
আনহাতে, পদ্ম মিলিকৰ যাত্ৰাপথৰ সহযোগী দুজনৰ ওপৰত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে, পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত চাপৰমুখ ৰে’ল আৰক্ষীক এজাহাৰ দাখিল কৰিছে। যুৱকজনৰ সন্ধানত এতিয়া পৰিয়ালৰ লোকে ৰে’ল আৰক্ষী আৰু জনসাধাৰণৰ কাষ চাপি হাবাথুৰি খাই ফুৰিছে।
কোনো সদাশয় ব্যক্তিয়ে পদ্মৰ সন্ধান পালে নিকটবৰ্তী ৰে’ল আৰক্ষীক অৱগত কৰাৰ লগতে 8474871086 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।