জী গোটৰ (Zee Group) প্ৰতিষ্ঠাতা সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াক লৈ সমগ্ৰ দেশতে নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। কাৰণ, তেওঁৰ বিৰুদ্ধে ঋণদাতাসকলৰ স্বীকৃত মুঠ দাবীৰ পৰিমাণ হৈছে ২২,০০৬.৫৭ কোটি টকা। কিন্তু সেই বিপুল ধনৰ বিপৰীতে ঋণদাতাসকলে লাভ কৰিবলৈ সক্ষম হ’ব মাত্ৰ প্ৰায় ৬.৫ কোটি টকা। অৰ্থাৎ, পাবলগীয়া প্ৰতি ১০০ টকাৰ বিপৰীতে ঘূৰি আহিব মাত্ৰ প্ৰায় ৩ পইচা।
এই প্ৰস্তাৱত নেচনেল কোম্পানী ল’ ট্ৰাইবুনেল অৰ্থাৎ NCLT-এ অনুমোদন জনাইছে। ইয়াৰ ফলত ঋণদাতাসকলে প্ৰায় ৯৯.৯৭ শতাংশ ধনৰ ৰেহাই মানি ল’বলৈ বাধ্য হ’ব। সাধাৰণ মানুহে বেংকৰ ঋণৰ এটা কিস্তি সময়মতে পৰিশোধ নকৰিলে যেতিয়া বেংকৰ পৰা বাৰে বাৰে ফোন আহে, তেনে সময়ত এজন বৃহৎ উদ্যোগপতিৰ ক্ষেত্ৰত ২২ হাজাৰ কোটি টকাৰো অধিক ঋণৰ বিপৰীতে ইমান সামান্য ধন ঘূৰাই দিয়াৰ প্ৰস্তাৱে স্বাভাৱিকতেই বহুতো প্ৰশ্নৰ অৱতাৰণা কৰিছে।
সুভাষ চন্দ্ৰৰ বিৰুদ্ধে ঋণদাতাসকলৰ মুঠ ২২,০০৬.৫৭ কোটি টকাৰ দাবী স্বীকৃত হৈছিল। তেওঁ দাখিল কৰা ঋণ পৰিশোধৰ পৰিকল্পনাত এই বিপুল দাবীৰ বিপৰীতে মাত্ৰ প্ৰায় ৬.৫ কোটি টকা প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছিল। এই হিচাপত ঋণদাতাসকলে প্ৰতি ১০০ টকা দাবীৰ বিপৰীতে মাত্ৰ প্ৰায় ৩ পইচাহে লাভ কৰিব।
এই পৰিকল্পনাৰ বিৰোধিতা কৰিছিল কেইবাখনো ঋণদাতা প্ৰতিষ্ঠানে। তাৰ ভিতৰত ‘এল আই চি হাউচিং ফাইনেঞ্চ’ও (LIC Housing Finance) অন্যতম। সুভাষ চন্দ্ৰৰ পৰা সংস্থাটোৱে পাবলগীয়া স্বীকৃত দাবীৰ পৰিমাণ আছিল প্ৰায় ১,৩২২.৩৯ কোটি টকা। কিন্তু প্ৰস্তাৱিত পৰিকল্পনা অনুসৰি সংস্থাটোৱে লাভ কৰিবলগীয়া ধনৰ পৰিমাণ হৈছে মাত্ৰ প্ৰায় ৩৮ লাখ টকা। সংস্থাটোৱে এই পৰিকল্পনাক অবাস্তৱ আখ্যা দিয়াৰ লগতে ইয়াৰ আইনসন্মততাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল।
একাংশ ঋণদাতাই আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপন কৰিছিল। তেওঁলোকৰ মতে, ৬.৫ কোটি টকাৰ পৰিমাণটো নিশ্চিত ধন নহয়, বৰং ই এক সম্ভাৱ্য হিচাপহে। সেয়েহে ইমান বৃহৎ দাবীৰ বিপৰীতে কিয় এনে এক অনিশ্চিত ধনৰ পৰিমাণ গ্ৰহণ কৰা হ’ব, তাক লৈও আপত্তি দৰ্শোৱা হৈছিল।
তথাপিও ভোটৰ হিচাপত সুভাষ চন্দ্ৰৰ পৰিকল্পনাই স্পষ্ট সমৰ্থন লাভ কৰে। মুঠ ভোটাধিকাৰৰ ৮০.৮১ শতাংশ প্ৰতিনিধিত্ব কৰা ঋণদাতাই এই পৰিকল্পনাৰ সপক্ষে ভোটদান কৰে। ইয়াৰ বিপৰীতে বিৰোধিতা কৰা ঋণদাতাসকলৰ ভোটাধিকাৰ আছিল ২০ শতাংশতকৈও কম।
এই বিষয়ক লৈ NCLT-ৰ দুজনীয়া বিচাৰপীঠৰ মাজতো মতানৈক্যৰ সৃষ্টি হৈছিল। ইয়াৰ পাছত NCLT-ৰ সভাপতিয়ে বিষয়টো তৃতীয় সদস্য নীলেশ শৰ্মাৰ ওচৰলৈ প্ৰেৰণ কৰে। তেওঁ ‘ইনচলভেন্সী এণ্ড বেংকৰাপ্টচি কোড’ৰ (Insolvency and Bankruptcy Code) ১১৪ নম্বৰ ধাৰাৰ অধীনত ঋণ পৰিশোধৰ পৰিকল্পনাটোত অনুমোদন জনায়।
NCLT-ৰ যুক্তি আছিল যে পৰিকল্পনাটো আইনসন্মত পৰিসৰৰ ভিতৰত থাকিলে ঋণদাতাসকলৰ সংখ্যাগৰিষ্ঠ সিদ্ধান্তক ট্ৰাইবুনেলে নিজৰ বাণিজ্যিক মূল্যায়নেৰে সলনি কৰিব নোৱাৰে। ঋণদাতাসকলে কিমান ধন ঘূৰাই পোৱাটো বাণিজ্যিকভাৱে উপযুক্ত হ’ব, সেয়া নিৰ্ধাৰণ কৰাটো ট্ৰাইবুনেলৰ দায়িত্ব নহয়। ইয়াৰ মূল দায়িত্ব হৈছে আইন আৰু প্ৰক্ৰিয়া সঠিকভাৱে পালন হৈছে নে নাই, তাক পৰ্যবেক্ষণ কৰা।
এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, বাকী প্ৰায় ২২ হাজাৰ কোটি টকাৰ কি হ’ব? এই সন্দৰ্ভতো NCLT-ৰ পৰ্যবেক্ষণ অতি গুৰুত্বপূৰ্ণ। সুভাষ চন্দ্ৰৰ ব্যক্তিগত সম্পদ আৰু আৰ্থিক সামগ্ৰীৰ মূল্যায়নত দেখা গৈছে যে সেইবোৰৰ মূল্য প্ৰস্তাৱিত ৬.৫ কোটি টকাৰ তুলনাতো কম। ট্ৰাইবুনেলৰ মতে, তেওঁক ব্যক্তিগতভাৱে দেউলীয়া ঘোষণা কৰিলে ঋণদাতাসকলে হয়তো ইয়াতকৈও কম ধন লাভ কৰাৰ সম্ভাৱনা আছে।
সেয়েহে NCLT-ৰ সন্মুখত মূল প্ৰশ্নটো কেৱল এইটো নাছিল যে ২২ হাজাৰ কোটি টকাৰ তুলনাত ৬.৫ কোটি টকা কিমান কম। প্ৰধান প্ৰশ্ন আছিল, এই প্ৰস্তাৱ নাকচ কৰিলে ঋণদাতাসকলে ৬ কোটি টকাও ঘূৰাই পাবনে নাই। সেই দৃষ্টিকোণৰ পৰাই সংখ্যাগৰিষ্ঠ ঋণদাতাৰ সিদ্ধান্তক গুৰুত্ব প্ৰদান কৰা হৈছে।
এই সমগ্ৰ গোচৰটোৰ মূল কাৰণ আছিল বিবেক ইনফ্ৰাকন নামৰ এটা প্ৰতিষ্ঠানৰ ঋণ। প্ৰতিষ্ঠানটোৱে লোৱা প্ৰায় ১৭০ কোটি টকাৰ ঋণৰ ব্যক্তিগত গেৰাণ্টী প্ৰদান কৰিছিল সুভাষ চন্দ্ৰই। পৰৱৰ্তী সময়ত ঋণ অনাদায়ী হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে ইণ্ডিয়াবুলছ হাউচিং ফাইনেঞ্চে (Indiabulls Housing Finance)। ২০২২ চনত সংস্থাটোৱে সুভাষ চন্দ্ৰৰ বিৰুদ্ধে ব্যক্তিগত দেউলীয়া গোচৰ আৰম্ভ কৰে। ২০২৪ চনৰ এপ্ৰিল মাহত NCLT-এ তেওঁৰ বিৰুদ্ধে ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আবেদন গ্ৰহণ কৰে। পিছত ইণ্ডিয়াবুলছ হাউচিং ফাইনেঞ্চৰ নাম সলনি হৈ ‘সম্মান কেপিটেল’ (Sammaan Capital) হয়।
ইয়াৰ পূৰ্বেও বুজাবুজিৰ জৰিয়তে বিষয়টো সমাধান কৰাৰ চেষ্টা কৰা হৈছিল যদিও সেয়া সফল নহ’ল। ২০২৩ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে IBC-ৰ সংশ্লিষ্ট ধাৰাসমূহৰ বৈধতা বাহাল ৰখাৰ পিছত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এই প্ৰক্ৰিয়া পুনৰ আগবাঢ়ে।
এই সিদ্ধান্তক লৈ আইন বিশেষজ্ঞসকলৰ মাজতো মতভেদ দেখা গৈছে। একাংশ বিশেষজ্ঞৰ মতে, ৯৯ শতাংশতকৈও অধিক ধন ৰেহাই দিয়া কোনো ঋণ পৰিশোধ পৰিকল্পনাক কেৱল সংখ্যাগৰিষ্ঠ ঋণদাতাৰ বাণিজ্যিক সিদ্ধান্ত বুলি মানি লোৱাটো এক বিপজ্জনক নজিৰ হ’ব পাৰে। তেওঁলোকৰ আশংকা, আগন্তুক ব্যক্তিগত দেউলীয়া গোচৰসমূহতো এই সিদ্ধান্তৰ প্ৰভাৱ পৰিব পাৰে।
অৱশ্যে NCLT-ৰ বক্তব্য স্পষ্ট। সংখ্যাগৰিষ্ঠ ঋণদাতাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া আইনবিৰোধী নহ’লে ট্ৰাইবুনেলে নিজৰ বাণিজ্যিক মতামত জাপি দিব নোৱাৰে। পৰিকল্পনাটোৱে অনুমোদন লাভ কৰাৰ পিছত ইয়াৰ বিৰোধিতা কৰা ঋণদাতাসকলৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত প্ৰযোজ্য হ’ব।
এই গোচৰটো এতিয়া মূল খণ্ডিত বিচাৰপীঠলৈ (Division Bench) ঘূৰি যাব আৰু সংখ্যাগৰিষ্ঠ মতৰ ভিত্তিত আনুষ্ঠানিক নিৰ্দেশ জাৰি হোৱাৰ কথা। সুভাষ চন্দ্ৰৰ বাবে এই সিদ্ধান্ত ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত এক ডাঙৰ সকাহ হ’ব পাৰে। কিন্তু ঋণদাতাসকলৰ বাবে পৰিমাণটো অত্যন্ত নিৰাশাজনক—২২,০০৬.৫৭ কোটি টকাৰ স্বীকৃত দাবীৰ বিপৰীতে ঘূৰি আহিব মাত্ৰ ৬.৫ কোটি টকা। অৰ্থাৎ, ১০০ টকা পাবলগীয়া থকাৰ বিপৰীতে মাত্ৰ ৩ পইচা। এতিয়া বিতৰ্ক কেৱল সুভাষ চন্দ্ৰক লৈয়েই নহয়; প্ৰশ্ন উঠিছে, এনে সিদ্ধান্তে দেশৰ ঋণ ব্যৱস্থা আৰু দেউলীয়া আইনক ভৱিষ্যতে কোন দিশলৈ লৈ যাব?




