উৰিষ্যাত নাও দুৰ্ঘটনা: ১০ জনক উদ্ধাৰ, ১ জন সন্ধানহীন

boat capsize in Odisha’s Chilika Lake

উৰিষ্যাৰ চিলিকা হ্ৰদত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়াৱহ নাও দুৰ্ঘটনা। যাত্ৰীবাহী এখন নাও হ্ৰদৰ মাজভাগত ডুবি যোৱাৰ ফলত এজন লোক সন্ধানহীন হৈছে।

আনহাতে নাওখনত থকা আন ১০ জন ব্যক্তিক উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, নাওখনত বালাচোৰ জিলাৰ ৰেমুনা ব্লকৰ ১১ জন পৰ্যটকে যাত্ৰা কৰিছিল।

পৰ্যটকসকলে চিলিকা হ্ৰদৰ এটা দ্বীপত অৱস্থিত কালিজাই মন্দিৰৰ পৰা বালুগাওঁলৈ উভতি অহাৰ সময়তে নাওখন ওলোটাই পৰে আৰু নৰ’ৱেষ্টাৰ বৰষুণৰ প্ৰভাৱত লগে লগে ডুব যায়।

এই আকস্মিক দুৰ্ঘটনাত নাওখনত থকা সকলো পৰ্যটক পানীত পৰি যায়। অৱশ্যে লাইফ জেকেট পৰিধান কৰি থকাৰ বাবে আঘাতৰ পৰা ৰক্ষা পৰে পৰ্যটক সকল।

আনহাতে এলেকাটোত টহলদাৰী কৰি থকা বালুগাঁও আৰক্ষী বিষয়াসকলে লগে লগে উদ্ধাৰ অভিযানত নামি পৰে।

আৰক্ষীয়ে ১০ জন লোকক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে বালুগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

সকলো পৰ্যটক এতিয়া সুস্থিৰ অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

অৱশ্যে এজন পৰ্যটকক বিচাৰি উলিওৱাত ব্যৰ্থ হয় অভিযানকাৰী আৰক্ষী দলটো। আৰক্ষীয়ে সন্ধানহীন ব্যক্তিজনক বিচাৰি পুনৰ অনুসন্ধান অভিযান আৰম্ভ কৰিছে।