NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ: নিহত এগৰাকী সন্ত্ৰাসবাদী সদস্য

July 30, 2022 9:07 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে চলি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশ হিচাপে আজি পুৱা আন এক অভিযানত বাৰামুলা জিলাত এগৰাকী সন্ত্ৰাসবাদী সদস্য নিহত হয়।

এক আৱাসিক এলেকাত দুগৰাকী সন্ত্ৰাসবাদী সদস্যই আশ্ৰয় লৈ থকাৰ সম্ভেদ পোৱাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে এক অভিযান চলায়।

নিৰাপত্তাৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে অভিযানৰ সময়ত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। আনহাতে জীৱিত অৱস্থাত থকা আনগৰাকী সন্ত্ৰাসবাদীৰ সন্ধান চলি বুলি আৰক্ষীয়ে সদৰি কৰিছে।

এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি জিলাখনৰ ক্ৰেৰী অঞ্চলৰ ৱানিগাম বালাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।

সেনা-আৰক্ষীৰ যুটীয়া বাহিনীয়ে এনকাউণ্টাৰ স্থানৰ কাষত থকা এটা মছজিদৰ সুৰক্ষাৰ বাবে নূন্যতম গোলাবাৰুদ ব্যৱহাৰ কৰিছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

মছজিদত যাতে কোনো ক্ষয়-ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মছজিদৰ সন্মুখত নিৰাপত্তাৰক্ষীয়ে ব্যৱহাৰ কৰা বুলেটপ্ৰুফ বাহনবোৰ ৰখা হৈছিল বুলি তেওঁ লগতে কয়।

ইফালে এই অভিযানৰ সমসাময়িকভাৱে নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ পৰা লস্কৰ-ই-তৈবা সংগঠনৰ সৈতে সম্পৰ্কিত দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

Related News