DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ বিজেপি সাংসদৰ নিখোজ ভাতৃৰ সন্ধান ওলাল পাণবজাৰৰ হোটেলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2022 9:35 pm
Guwahati
90
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপিৰ গাওৰ সম্পৰ্কীয় ভাতৃক অৱশেষত পানবজাৰৰ এখন হোটেলৰ পৰা উদ্ধাৰ কৰা হৈছে।

তাহাং গাও নামৰ যুৱকজন শুকুৰবাৰে গুৱাহাটীৰ পৰাই হঠাতে সন্ধানহীন হৈ পৰাৰ পিছত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। অৱশেষত আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আজি পাণবজাৰৰ এখন হোটেলৰ পৰা গাওক উদ্ধাৰ কৰে।

উদ্ধাৰৰ পিছতে তাহাং গাওক তেওঁৰ সৈতে হঠাতে কি ঘটিছিল, সেই বিষয়ে সোধা-পোছাৰ বাবে দিচপুৰ আৰক্ষী থানালৈ লৈ যোৱা হয়।

জানিব পৰা মতে গাও কিছু ব্যক্তিগত কামৰ বাবে গুৱাহাটীলৈ আহিছিল আৰু গণেশগুৰিত এজন বন্ধুক লগ কৰিবলৈ গৈছিল।

কিন্তু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছিল গাও। তেওঁৰ ফোনটোও বন্ধ হৈ থকাৰ বাবে এই সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল।

গাওৰ কোনো ধৰণৰ যোগাযোগ নোহোৱাৰ পিছত এগৰাকী আত্মীয়ই আৰক্ষীৰ কাষ চাপিছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন কেব চালকক আটক কৰাৰ লগতে আন এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। ইফালে গাওৰ পৰা প্ৰায় ৫ লাখ টকা দুৰ্বৃত্তই লুটি নিয়ে বুলিও বাতৰি প্ৰকাশ পাইছিল।

ইতিমধ্যে দিচপুৰ আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত গাওক সোধা-পোছা কৰি থকাৰ লগতে তদন্ত আৰম্ভ কৰিছে।

Recent News

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd