• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভূটানৰ পৰা খোজেৰে আহি বাক্সাৰ কাউলীত উপস্থিত অসমৰ ১০জন শ্ৰমিক

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , April 27, 2020 9:31 am

1 min read

ভূটানৰ পৰা খোজেৰে আহি বাক্সাৰ কাউলীত উপস্থিত অসমৰ ১০জন শ্ৰমিক
2.2k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ মাজতে ভূটানত কৰ্মৰত অসমৰ ১০জনকৈ শ্ৰমিক পাহাৰ বগাই, নৈ পাৰ হৈ খোজকাঢ়ি আহি দেওবাৰ অসমত উপস্থিত হয়। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কাউলীত প্ৰৱেশ কৰা উক্ত শ্ৰমিক কেইজন ভূটানৰ ভাংটাৰৰ কাৱৈ পানীত কৰ্মৰত আছিল।

ইয়াৰে ৫ গৰাকী শ্ৰমিকৰ ঘৰ শোণিতপুৰ জিলাত হোৱাৰ বিপৰীতে আন ৫ গৰাকীৰ ঘৰ বাক্সাৰ কাউলীতে।

জানিব পৰা মতে তেওঁলোকে পুৱা দেওবাৰে পুৱা ৪বজাৰ পৰা খোজকাঢ়ি আহি আৱেলি কাউলীত উপস্থিত হয়। লোক কেইজন উপস্থিত হোৱাৰ পিছত অঞ্চলটোত এক আতংকৰ সৃষ্টি হৈছিল। বৰ্তমান তেওঁলোকক কাউলী তৰুণগাঁও প্ৰাথমিক বিদ্যালয়ত ৰখা হৈছে।

নিশা ঘটনাস্থলীত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ উপস্থিত হৈ ঘটনাৰ বুজ লৈছে। ইতিমধ্যে লোক কেইজনৰ ওচৰত চিকিৎসা কৰ্মীৰ এটা দল গৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে।

শোণিতপুৰৰ শ্ৰমিক কেইজনৰ নামসমূহ হৈছে ৰাম দয়াল পাইক, ৰূপেছ ওৰাং, পাপলু ভূমিজ, খুদাং মুণ্ডা আৰু আমজান খান। বাক্সাৰ কাউলীৰ লোক কেইজনৰ নাম হৈছে মহেশ্বৰ বিশ্বাস, হিৰো বৈশ্য, অখিল বিশ্বাস, উদয় বৈশ্য আৰু প্ৰভাত বাক্সি।

Recent News

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd