NORTHEAST NOW (Assamese)

মৰিয়নীত ভয়াৱহ দুৰ্ঘটনা : ১০জন যাত্ৰী নিহত

September 20, 2023 3:59 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৰহাট জিলাৰ মৰিয়নীত বুধবাৰে সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ইতিমধ্যে ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

লাভ কৰা তথ্য অনুসৰি মৰিয়নীৰ নাগালেণ্ড সীমান্তত এখন টাটা ছুমো আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়, তাৰ পিছত দুয়োখন বাহন ২০০ ফুট তলত থকা খাৱৈত পৰি যায়।

সূত্ৰসমূহে জনোৱা মতে, অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণ আৰু পথৰ দুৰাৱস্থাৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। 

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

জানিব পৰা মতে, ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন জীয়াই আছে যদিও তেওঁলোকৰ অৱস্থা সংকটজনক।

Related News