মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন জনাইছে কংগ্ৰেছে। অৱশ্যে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়েও এই বিধেয়কখনৰ ওপৰত কেইবাটাও চৰ্ত আৰোপ কৰিছে।
বুধবাৰে সংসদৰ বিশেষ অধিৱেশনৰ তৃতীয় দিনা পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময় নিৰ্ধাৰণ কৰা হৈছে।
সূত্ৰ অনুসৰি আজি লোকসভাত এই বিধেয়কখন কেন্দ্ৰই গৃহীত কৰিব পাৰে। আজিৰ দিনটোতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বিৰোধীৰ হৈ মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলোচনা আৰম্ভ কৰে। মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰাৰ বিপৰীতে তেওঁ বিধেয়কখনত অ’বিচিৰ বাবে আসন সংৰক্ষণৰ দাবীও কৰে।
আনহাতে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই কংগ্ৰেছক সমালোচনা কৰি কয় যে, “মহিলা সংৰক্ষণ বিধেয়কত অ’বিচি কোটা বা আসন সংৰক্ষণৰ দাবী কংগ্ৰেছে আগতে কেতিয়াও কৰা নাই।” ৰাজনৈতিক সুবিধাৰ্থে দলটোৱে প্ৰতিদিনে নতুন নতুন দিশ বিচাৰিছে।”
আজি পুৱা লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলোচনাৰ আৰম্ভণিতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে কয় যে তেওঁৰ দলে এই বিধেয়কখন সমৰ্থন কৰে। কিন্তু মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণত অ’বিচিও অন্তৰ্ভুক্ত হ’ব লাগে। মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত তেওঁ কয়, ‘এয়া মোৰ বাবে অতি আৱেগিক মুহূৰ্ত কাৰণ মোৰ স্বামী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়েই প্ৰথমে স্থানীয় নিৰ্বাচনত মহিলাৰ বাবে আসন সংৰক্ষণ আনিবলৈ এই বিধেয়কখন উত্থাপন কৰিছিল। এই বিধেয়কখন গৃহীত হ’লে ৰাজীৱ গান্ধীৰ সপোন বাস্তৱায়িত হ’ব৷”
হিন্দী ভাষাত দিয়া ভাষণত তেওঁ কয়, “ৰাষ্ট্ৰীয় কংগ্ৰেছৰ হৈ মই মহিলা শক্তি বন্দন আইনক সমৰ্থন কৰো।” ধোঁৱাৰে ভৰা পাকঘৰৰ পৰা ষ্টেডিয়ামলৈকে ভাৰতীয় মহিলাসকলে এক দীঘলীয়া যাত্ৰা কৰিছে। অৱশেষত গন্তব্যস্থান পালেগৈ। ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই বিলৰ বাবে মহিলাসকলে বহুদিন অপেক্ষা কৰি আছিল। এতিয়া তেওঁলোকক আৰু কেইবছৰমান অপেক্ষা কৰিবলৈ কোৱা হৈছে।”
মহিলা সংৰক্ষণ বিধেয়কৰ লগতে তাৎক্ষণিকভাৱে জাতিভিত্তিক লোকপিয়লৰ দাবী জনায়। তেওঁ কয়, এই বিধেয়কখন অধিক সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ জাতিভিত্তিক লোকপিয়লৰ প্ৰয়োজন। জনজাতিসকলৰ লগতে এই বিধেয়কত অ’বিচিকো অন্তৰ্ভুক্ত কৰা উচিত।





