NORTHEAST NOW (Assamese)

শিৱসাগৰত বিধেয়কৰ সমৰ্থনত আয়োজন কৰা সভাত ক’লা পতাকা দেখুৱাই আটক হ’ল লাচিত সেনাৰ সদস্য

January 31, 2019 6:47 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত সচেতন নাগৰিক মঞ্চৰ আহ্বানত আজি আয়োজন কৰা এখন সভাক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা। আলোচনা চলি থকাৰ সময়তে বীৰ লাচিত সেনাৰ একাংশ সদস্যই বিধেয়ক বাতিলৰ দাবীৰে ক’লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে শিৱসাগৰ নগৰৰ এ টি ৰোডস্থিত হিন্দুধৰ্ম নামঘৰত নাগৰিক মঞ্চই আহ্বান কৰিছিল এই সভাখন। সভাখন আয়োজনৰ কথা গম পোৱা মাত্ৰেই বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ একাংশ নেতা-কৰ্মীয়ে নামঘৰৰ বাহিৰত উপস্থিত হৈ ক’লা পতাকা প্ৰদৰ্শন কৰাৰ উপৰি প্ৰতিবাদকাৰীয়ে বিজেপি মুৰ্দাবাদ, জয় আই অসম, নাগৰিকত্ব সংশোধনী বিল বাতিল হ’বই লাগিব, আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

লগে লগে ঘটনাস্থলত আগৰে পৰা সষ্টম হৈ থকা শিৱসাগৰ আৰক্ষীৰ দলে বীৰ লাচিত সেনাৰ ১০ জন প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায়।

উল্লেখ্য যে সচেতন নাগৰিক মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ সমৰ্থনত এই সভাৰ আহ্বান কৰা বুলি দাবী উত্থাপন কৰি বীৰ লাচিত সেনাই তাৰ প্ৰতিবাদস্বৰূপে এইদৰে ক’লা পতাকা প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই।

ইফালে আজিৰ সভাত বিজেপি আৰু আৰ এচ এচৰ বহুকেইজন শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত আছিল। আনহাতে আৰক্ষী প্ৰশাসনে সভা আৰম্ভ হোৱাৰ আগৰে পৰা প্ৰায় তিনি শতাধিক আৰক্ষী হিন্দুধৰ্মৰ নামঘৰৰ আশে পাশে মোতায়েন কৰি ৰাখিছিল।

Related News