NORTHEAST NOW (Assamese)

মাত্ৰ ১০ বছৰ বয়সতে কাৰাটেত ব্লেক বেল্ট অৰ্জন নগাঁৱৰ জ্যোতিৰাদিত্যৰ

December 26, 2018 8:47 pm · মিণ্টু দাস

মাত্র ১০ বছৰ বয়সতে সমৰকলা কাৰাটেত ব্লেক বেল্ট অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ এটি শিশুৱে। এই ১০ বছৰীয়া শিশুটি নগাঁও চহৰৰ পানীগাঁও নিবাসী ব্যৱসায়ী সুশীল কুমাৰ খাউণ্ড আৰু নৱনীতা খাউণ্ডৰ পুত্ৰ।

নগাঁও চহৰৰ ৰিভাৰেল বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ জ্যোতিৰাদিত্যই চ’ৰিন ৰিউ চেইবুকান কাৰাটে ড’ স্কুল অব ইণ্ডিয়াৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে কাৰাটেৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁৰ মুখ্য প্রশিক্ষক আছিল চাইহান ৰমেন পাল দাস আৰু প্ৰশিক্ষক হ’ল দীপ গগৈ।

উল্লেখযোগ্য  যে ২০১৫ চনত জয়পুৰত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অনুষ্ঠিত ৬-৭ বছৰ বয়সৰ কুমিট আৰু কাটা দুয়োটা শাখাত জ্যোতিৰাদিত্যই স্বৰ্ণ পদক লাভ কৰিছিল। তাৰোপৰি ২০১৪ চনত সদৌ অসম চেইচিনকাই চিট ৰিউ কাৰাটে ডু এছ’চিয়েশ্যনৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত সৰ্বভাৰতীয় আন্তঃবিদ্যালয় আৰু জ্যেষ্ঠ কাৰাটে প্ৰতিযোগিতাত জ্যোতিৰাদিত্যই ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

একেদৰে জ্যোতিৰাদিত্যই নগাঁও জিলা কাৰাটে প্ৰতিযোগিতা, দক্ষিণ অসম জ’ন কাৰাটে প্ৰতিযোগিতা আদিতো প্ৰথমস্থান লাভ কৰিছিল। চলিত বৰ্ষতো দ্বিতীয় সদৌ অসম চটকান কাৰাটে প্ৰতিযোগিতাত তেওঁ তৃতীয় স্থান লাভ কৰিছিল। জ্যোতিৰাদিত্য কাৰাটেত ব্লেক বেল্ট অৰ্জন কৰা নগাঁৱৰ সৰ্ব কনিষ্ঠ সমৰ কলা বিশাৰদ।

Related News