হাইলাকান্দিৰ উপায়ুক্ত আদিল খানে ৰবীন্দ্ৰ মেলাৰ আয়োজক সমিতি, অধ্যক্ষসকল, প্ৰধান শিক্ষকসকল আৰু আন আন বিশিষ্ট নাগৰিকসকলৰ সৈতে এখন সভাত মিলিত হয়। এই সভাত হাইলাকান্দিত অনুষ্ঠিত হোৱা ৰবীন্দ্ৰ মেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা বাধাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
সভাখনত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰৱেশিকা, উচ্চতৰ মাধ্যমিক আদি পৰীক্ষা সম্পন্ন হোৱাৰ পাছত, মাৰ্চৰ মাজভাগত ৰবীন্দ্ৰ মেলা অনুষ্ঠিত কৰাৰ বাবে জাৰি কৰা নিৰ্দেশৰ সূত্ৰ ধৰি বিভিন্ন সমস্যাৱলী আলোচনা কৰা হয়। জানিব পৰা মতে এগৰাকী স্থানীয় বাসিন্দাই এই মেলাখন স্থগিত ৰখাৰ বাবে আৱেদন জনাই এটা গোচৰ ৰুজু কৰিছিল আৰু উচ্চ ন্যায়ালয়ে গোচৰটোৰ ভিত্তিত মেলাখন পিছুৱাবলৈ এটা নিৰ্দেশ জাৰি কৰিছিল।
উল্লেখ্য যে বিভিন্ন চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু শিক্ষকসকলে মত প্ৰকাশ কৰিছিল যে এমাহ জোৰা এই মেলাখন অনুষ্ঠিত কৰিলে ছাত্ৰ-ছাত্ৰীৰ পঢ়াত ব্যঘাত জন্মিব আৰু ইয়ে প্ৰৱেশিকা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা সকলৰ অসুবিধা কৰিব।
তেওঁলোকে মেলাখন মাৰ্চৰ মাজভাগলৈকে স্থগিত ৰাখিবলৈ আৱেদন জনায়। কিন্তু আয়োজক সমিতিৰ সদস্যসকলে বিভিন্ন সমস্যা দেখৱাই মেলাখন জানুৱাৰিতেই অনুষ্ঠিত কৰাত জোৰ দিয়ে।
আনহাতে, ভূতপূৰ্ব বিধায়ক তথা আয়োজক সমিতিৰ সভাপতি ৰাহুল ৰয়ৰ কাৰ্যকাল শেষ হোৱা বাবে সভাখনত এখন নতুন আয়োজক সমিতি গঠন কৰাৰ সংক্ৰান্তটো আলোচনা কৰা হয়।
উল্লেখ্য যে কাটলিচেৰাৰ পূৰ্বৰ বিধায়ক, প্ৰয়াত সন্তোষ কুমাৰ ৰয়ে ৩ দশক পূৰ্বে ৰবীন্দ্ৰ মেলাৰ সূচনা কৰাৰ পাছত কবিগুৰুগৰাকীৰ আদৰ্শক আগবঢ়াই নিয়াৰ উদ্দেশ্যে বছৰি এই মেলাখন অনুষ্ঠিত কৰি অহা হৈছে।