চাঞ্চল্য! শিক্ষকে দিয়া উঠা-বহা শাস্তিয়ে প্ৰাণ ল’লে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ

Student Dies

শিক্ষকৰ কঠোৰ শাস্তি বিধানে প্ৰাণ লৈছে এগৰাকী ছাত্ৰৰ। নিয়ম-শৃংখলা ভংগৰ শাস্তি স্বৰূপে শিক্ষকে দিয়া উঠা-বহা শাস্তিৰ ফলত মৃত্যু হৈছে এটি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উৰিষ্যাত।

ৰাজ্যখনৰ জাজপুৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনৰ শিক্ষকে উঠা-বহা কৰিবলৈ বাধ্য কৰাৰ ফলশ্ৰুতিতেই মৃত্যু হোৱা বুলি অভিযোগ উঠিছে।

নিহত ছাত্ৰগৰাকীৰ নাম ৰুদ্ৰ নাৰায়ণ ছেঠী বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে বিয়লি দহ বছৰীয়া ছাত্ৰীগৰাকীয়ে শ্ৰেণীৰ সময়ত বিদ্যালয় চৌহদত চাৰিজন সহপাঠীৰ সৈতে খেলা-ধূলা কৰি আছিল।

এই কথাতে এজন শিক্ষকে তেওঁলোকক দেখা পাই এই কাৰ্যৰ শাস্তি হিচাপে উঠা-বহা কৰিবলৈ নিৰ্দেশ দিয়ে। শিক্ষকজনৰ নিৰ্দেশমৰ্মে উঠা-বহা কৰি থকাৰ সময়তে ঢলি পৰে ৰুদ্ৰ নামৰ ছাত্ৰগৰাকী।

লগে লগে বিদ্যালয় কৰ্তৃপক্ষ তথা শিক্ষকজনে ছাত্ৰজনক কাষৰে এক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় আৰু ছাত্ৰজনৰ পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰা হয়।

কিন্তু ছাত্ৰজনৰ স্বাস্থ্য অধিক বেয়াৰ ফালে গতি কৰাৰ বাবে নিশালৈ কটকৰ এখন চৰকাৰী মেডিকেল কলেজলৈ লৈ যায়। কিন্তু চিকিৎসালয় পোৱাৰ পিছতে চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে।

ইফালে ঘটনা সন্দৰ্ভত এইপৰ্যন্ত কোনো আনুষ্ঠানিক অভিযোগ পোৱা নাই বুলি জিলাখনৰ বিভাগীয় কৰ্তৃপক্ষই সদৰী কৰিছে।

অৱশ্যে আনুষ্ঠানিক অভিযোগ লাভ কৰিলেই তদন্ত আৰম্ভ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিশ্চিত কৰে কৰ্তৃপক্ষই।