হৃদয়বিদাৰক! মন্দিৰত চুৰিৰ অভিযোগত গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে ১০ বৰ্ষীয় কন্যা শিশুৱে

girl killed in mob attack

তামিলনাডুত সংঘটিত এক নিৰ্মম কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। ৰাজ্যখনৰ পুডুকোট্টাইৰত এটা মন্দিৰত চুৰি কৰাৰ অভিযোগত উন্মত্ত জনতাৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাইছে এটি ১০ বছৰীয়া কন্যা শিশুৱে। এই ঘটনাৰ ভাইৰেল হৈ পৰা এক ভিডিঅ’ই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, স্থানীয় গাওঁবাসীৰ এটা দলে গাঁওখনত থকা এটা মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰি নিয়াৰ অভিযোগত ছয়জনীয়া এটা পৰিয়ালক খেদি খেদি আক্ৰমণ কৰে। পৰিয়ালটোৱে এখন অটোৰিক্সাত যাত্ৰা কৰি থকাৰ সময়তে উন্মত্ত উন্মত্ত দলটোৱে বাহনখন আগুৰি কৰে।

অটোৰিক্সাখন ঘেৰি ধৰাৰ পিছত পৰিয়ালটোক ডকাইত বুলি অভিযোগ কৰি নিৰ্মমভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে দলটোৱে। ঘটনাৰ সম্ভেদ হোৱাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু আক্ৰমণৰ সন্মুখীন হোৱা পৰিয়ালটোক উদ্ধাৰ কৰে।

ইফালে এই আক্ৰমণৰ সময়তে পৰিয়ালটোৰ সদস্য ১০ বছৰীয়া কন্যা শিশুটিয়ে অসহায়ভাৱে থিয় হৈ থকাৰ মুহূৰ্তত শিশুটিক প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। এই আক্ৰমণৰ পাছতে আৰক্ষীয়ে পৰিয়ালটোক উদ্ধাৰ কৰিপুডুকোট্টাই চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায়।

কিন্তু চিকিৎসালয়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটোৰ বুধবাৰে সন্ধিয়া মৃত্যু হয়। শিশুটিৰ মাতৃয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত উল্লেখ কৰিছে যে তেওঁলোকৰ পৰিয়াল দুমাহ পূৰ্বে কেইবাটাও মন্দিৰ দৰ্শনৰ বাবে নিজা ঠাই কুড্ডালোৰ এৰি গৈছিল।

যোৱা ১৪ নৱেম্বৰত পুডুকোট্টাইৰস্থিত এক মন্দিৰ দৰ্শনৰ পিছতে তিনিগৰাকী মানুহে কিলানুৰৰ ওচৰত তেওঁৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বুলি তেওঁ আৰক্ষীৰ আগত উল্লেখ কৰিছে।

ইফালে এই কাজিয়াত তেওঁৰ স্বামী সত্যনাৰায়ণ স্বামীয়ে হস্তক্ষেপ কৰাৰ পাছত তিনিগৰাকী ব্যক্তিৰ লগতে সমবেত হোৱা আন একাংশ লোকে পৰিয়ালটোক আক্ৰমণ কৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে।

ইফালে, মহিলাগৰাকীৰ এই অভিযোগৰ বিপৰীতে স্থানীয় গাঁওবাসীয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ই ঘটনাক অন্য ৰূপ দিছে। যোৱা ১৪ নৱেম্বৰত এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

এই ভিডিঅ’টোত পুডুকোট্টাই জিলাৰ কিল্লানুৰ গাঁৱৰ ওচৰত এটা দলে মন্দিৰত লুট-পাত চলোৱা দেখিবলৈ পোৱা গৈছিল। আনহাতে গাঁওবাসীয়ে কেমেৰাত বন্দী কৰা এটা ভিডিঅ’ত পৰিয়ালটোৰ পৰা চুৰি কৰা সামগ্ৰী লাভ কৰা দেখিবলৈ পোৱা গৈছে।

স্থানীয় জিলা আৰক্ষীয়ে ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে আৰু উপযুক্ত প্ৰমাণ লাভ নকৰা পৰ্যন্ত কোনো মন্তব্য দিব পৰা নাযাব বুলি উল্লেখ কৰিছে।