প্ৰধান মন্ত্ৰী বিশেষ জলপানি আঁচনিৰ অধীনত আই আই টি গুৱাহাটীয়ে জম্মু-কাশ্মীৰৰ ১০০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক শিক্ষানুষ্ঠানখনত নামভৰ্তি কৰাৰ সুবিধা প্ৰদান কৰিব।
এই আঁচনিখন কাৰ্য্যকৰী কৰিবৰ বাবে আই আই টি গুৱাহাটীয়ে অল ইণ্ডিয়া টেকনিকেল এডুকেশ্যন চমুকৈ এ আই চি টি ইৰ সৈতে সহযোগিতা কৰিছে।
প্ৰধান মন্ত্ৰীৰ বিশেষ আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে জম্মু-কাশ্মীৰৰ যুৱক সকলক দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণৰ সুবিধা প্ৰদান কৰা।
জম্মু-কাশ্মীৰৰ শিক্ষাৰ্থীসকলক ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰাৰ বাবে গুৱাহাটী আই আই টিয়ে এ আই চি টি ইৰ সৈতে এক সহযোগিতাৰ চুক্তিত স্বাক্ষৰ কৰিছে।
কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰীয়ালৰ উপস্থিতিত আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি শিতাৰমণ আৰু এ আই চি টি ইৰ সচিৱ অধ্যাপক ডি সহস্ৰডুবেৰ মাজত আই আই টি কাউঞ্চিলৰ বৈঠকত এই ছাত্ৰ-ছাত্ৰীৰ বিনিময় চুক্তি সম্পন্ন হয়।
চুক্তি অনুসৰি আই আই টি গুৱাহাটীয়ে ১ মে’ ২০২০ৰ পৰা ৩০ মে’ ২০২০লৈ ১০০ গৰাকী জম্মু-কাশ্মীৰৰ মেধাবী শিক্ষাৰ্থীক ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰিব।
‘‘আই আই টি গুৱাহাটীয়ে সদায় ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল আৰু কেম্পাছৰ বাহিৰলৈ গৈ বিশ্বক শক্তিশালী কৰাত বিশ্বাস কৰি আহিছে। এই বিনিময় চুক্তিয়ে জম্মু-কাশ্মীৰৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক অত্যাধুনিক প্ৰয়োগশালাত অভিজ্ঞতা অৰ্জনৰ সুবিধা প্ৰদান কৰিব,’’আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি শিতাৰমণে কয়।
জ্ঞান আদান প্ৰদানৰ উপৰিও মেধাবী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভালেমান সহ-পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে বুলিও সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে।