DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 5:07 pm
Sikkim
131
VIEWS
Share on FacebookShare on Twitter

সেউজ ছিকিমৰ লক্ষ্যৰে তথা মানুহ আৰু প্ৰকৃতিৰ সংযোগক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এক উদ্ভাৱনীমূলক সেউজ বিপ্লৱ সূচনা কৰিবলৈ আগবাঢ়িছে ছিকিম চৰকাৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে আৰম্ভ কৰিছে সেউজ বিপ্লৱৰ এক অভিনৱ পদক্ষেপ।

ছিকিম চৰকাৰৰ এই পদক্ষেপৰ অধীনত ছিকিমত জন্ম হোৱা প্ৰতি শিশুৰ বিপৰীতে ৰোপণ কৰা হ’ব ১০০ টাকৈ গছপুলি। এই অভিনৱ পদক্ষেপক নামাকৰণ কৰা হৈছে ‘মেৰো ৰুখ মেৰো সান্ততি’ (এজোপা গছ ৰোপণ কৰক, এক নিদৰ্শন দেখাওক) নামেৰে।

ছিকিম চৰকাৰৰ প্ৰশাসনিক বিষয়াসকলে উল্লেখ কৰা মযে, এই পদক্ষেপৰ লক্ষ্য হৈছে সন্তান প্ৰসৱৰ স্মৃতিত গছ ৰোপণ কৰি পিতৃ-মাতৃ, সন্তান আৰু প্ৰকৃতিৰ মাজৰ সংযোগ শক্তিশালী কৰা।

“শিশুটি ডাঙৰ হোৱাৰ লগে লগে গছবোৰৰ বৃদ্ধি নৱজাতকক আদৰণি জনোৱাৰ আৰু এই পৃথিৱীত শিশুটিৰ আগমনৰ স্মৃতি সজীৱ কৰাৰ এক প্ৰতীকী উপায় হ’ব। ভাৰতত এয়াই হৈছে এনেধৰণৰ প্ৰথমটো উদ্ভাৱনীমূলক সেউজ পদক্ষেপ।”– বিষয়াসকলে কয়।

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে একাংশ নতুন অভিভাৱকক গছ পুলি বিতৰণো কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী আৰম্ভ কৰি চিকিমী সমাজৰ প্ৰকৃতিৰ সৈতে অনাদিকালৰ পৰাই থকা অন্তৰংগ সম্পৰ্কৰ কথা দোহাৰে।

“এই পদক্ষেপৰ লক্ষ্য হৈছে আমাৰ সমাজৰ যুগ যুগ ধৰি প্ৰকৃতিৰ সৈতে চলি অহা এই বান্ধোনক শক্তিশালী কৰা। ইয়াৰ উদ্দেশ্য হৈছে এনে এক পৰিৱেশ তন্ত্ৰ, য’ত গছ আৰু শিশু উভয়েই সূৰ্য্যৰ ফালে হাত আগবঢ়াব পাৰে আৰু এক উজ্জ্বল ভৱিষ্যত গঢ় দিয়া, যি সজীৱতা, স্বাস্থ্য আৰু সুখৰ প্ৰতিশ্ৰুতি দিয়ে।”– তেওঁ লগতে কয়।

মুখ্য সচিব ভি বি পাঠকে কয় যে এই পদক্ষেপৰ সফলতাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে একত্ৰিত হৈ নতুন অভিভাৱকসকলক নামভৰ্তিৰ পৰা আৰম্ভ কৰি ৰোপণ আৰু প্ৰতিপালনলৈকে নিৰৱচ্ছিন্ন সেৱাৰ সুবিধা প্ৰদান কৰিব।

আশা আৰু অংগনবাড়ী কৰ্মী, পঞ্চায়ত, নাগৰিক সংস্থা আৰু বন কৰ্মচাৰীয়ে অভিভাৱকসকলক অনবৰ্ডিঙৰ সুবিধা প্ৰদান কৰিব লাগিব বুলিও তেওঁ কয়।

ডিজিটেল প্লেটফৰ্ম যেনে হোৱাটছএপ, ইমেইল, ৱেব পৰ্টেল আদিয়ে নতুন অভিভাৱকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়।

ৰাজ্যৰ বন বিভাগৰ বিষয়া প্ৰদীপ কুমাৰে ছিকিম চৰকাৰৰ এই পদক্ষেপে প্ৰকৃতিৰ প্ৰতি মানুহৰ মনোভাৱৰ পৰিৱৰ্তন ঘটাব আৰু প্ৰসৱৰ স্মৃতিত ৰোপণ কৰা গছপুলিয়ে প্ৰজন্মৰ মাজত যোগসূত্ৰ স্থাপন কৰিব বুলি মন্তব্য কৰে।

Recent News

Rahul Gandhi

“মোৰ নাম চাভাৰকাৰ নহয়, গান্ধী; ক্ষমা নোখোজোঁ”: ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰ

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd