• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদৰ ওচৰত সেও মানিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে : আদানীক নিদিয়ে খিলঞ্জীয়াৰ ১০০০ বিঘা মাটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2025 8:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খিলঞ্জীয়া লোকৰ প্ৰতিবাদত একপ্ৰকাৰে সেও মানিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসনে। খিলঞ্জীয়া লোকৰ প্ৰতিবাদত সেও মানি পুঁজিপতি আদানীক ভূমি গতাই দিয়া নহয় বুলি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে কামৰূপ জিলা প্ৰশাসনে।

উল্লেখ্য যে, কামৰূপ জিলাৰ পলাশবাৰীৰ ট্ৰাইবেল্টৰ ১০০০ বিঘা মাটি পুঁজিপতি গৌতম আদানীক গতাই দিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিল কামৰূপ জিলা প্ৰশাসনে। প্ৰশাসনৰ এই তৎপৰতাৰ পিছতে অঞ্চলটোৰ খিলঞ্জীয়া জনগণেই ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহে।

Apply Now

প্ৰতিবাদী জনতাৰ ৰুদ্রমূর্তি দেখি কামৰূপৰ জিলা আয়ুক্তই স্পষ্ট কৰি দিবলৈ বাধ্য হ’ল যে পলাশবাৰী অঞ্চলৰ এহাজাৰ বিঘা মাটি আদানিক গতাই দিয়া হোৱা নাই আৰু গতাই দিবৰ বাবে কোনো নির্দেশো দিয়া নাই চৰকাৰে।

অৱশ্যে পৰৱৰ্তী সময়ত থলুৱাৰ মাটি বৃহৎ পুঁজিপতিক গতাই দিবৰ বাবে চলোৱা এই ষড়যন্ত্রই কেনে ৰূপ লয় সেয়া সময়েহে ক’ব।

উল্লেখ্য, ডিমা হাচাও জিলাত স্থানীয় ৰাইজৰ প্ৰবল বিৰোধিতা নেওচি ৯,০০০ বিঘা মাটি আদানিক গতাই দিব খোজা ঘটনাই সর্বত্র সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ বেশ মাৰ নৌযাওঁতেই পলাশবাৰী অঞ্চলৰ থলুৱা লোকৰ স্বাৰ্থ বিঘ্নিত কৰি পুনৰ আদানিক ১,০০০ বিঘা মাটি চমজাই দিব খুজিছিল অসম চৰকাৰে। আদানিক মাটি দিয়াৰ স্বাৰ্থতে পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ বৰদুৱাৰ বাগানত স্থানীয় লোকক উচ্ছেদ কৰিবলৈ প্রস্তুতি চলাইছিল বিজেপি নেতৃত্বাধীন চৰকাৰে।

প্ৰকাশিত খবৰৰ মতে এসপ্তাহৰ পূৰ্বে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে উচ্ছেদ কৰিবলগীয়া ভূমি পৰিদৰ্শন কৰি আহিছিল। ইয়াৰ পাছতে ৰাভা হাছং পৰিষদৰ অন্তৰ্গত অঞ্চলটোৰ ৰাইজে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহে।

স্থানীয় ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে, আদানীক ভূমি গতাই দিয়াৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰি তোলে। বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতিৰ আহ্বানক্রমে বৃহস্পতিবাৰে কেইবাটাও দল-সংগঠনৰ সহযোগত অনুষ্ঠিত হয় বিশাল প্রতিবাদী সভা। স্থানীয় লোকৰ সৈতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা, প্ৰগতিশীল লেখক শান্তনু বৰঠাকুৰ, যুৱনেতা সুব্ৰত তালুকদাৰ আদিও প্ৰতিবাদী সভা তথা আন্দোলনত অংশগ্ৰহণ কৰে।

‘বিজেপি চৰকাৰ হায় হায়’, ‘মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মিছলীয়া’, ‘পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মিছলীয়া’, ‘ৰাজহমন্ত্রী যোগেন মহন হায় হায়’, ‘বৰদুৱাৰ বাগানৰ খিলঞ্জীয়া ৰায়তক উচ্ছেদ কৰি আদানি গোষ্ঠীক ভূমি হস্তান্তৰ কৰা নচলিব’, ‘বৰদুৱাৰ বাগান ভূমিপট্টন। দাবী সমিতি জিন্দাবাদ’, ‘কৃষক শ্রমিক এক হওক’ আদি ধ্বনিৰে উত্তাল হৈ পৰে সভাথলীৰ লগতে সমগ্ৰ বৰদুৱাৰ বাগান অঞ্চল। হাতে হাতে বেনাৰ-ফেস্টুন আদি লৈ শ শ লোকে প্রতিবাদী সভাত অংশগ্রহণ কৰে আৰু উচ্ছেদ বন্ধ নহ’লে সর্বাত্মক প্রতিবাদৰ হুংকাৰ দিয়ে।

অঞ্চলটোৰ শোষিত-বঞ্চিত, ভূমি পট্টাহীন খিলঞ্জীয়া ৰায়তক ভূমি পট্টা দিয়াৰ বিপৰীতে বৰদুৱাৰ বাগানৰ ১, ২ আৰু ৩নং পতিত ভূমিত এশ বছৰৰো অধিক কাল বাস কৰা লোকসকলক উচ্ছেদ কৰিবৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা আৰু সেই মাটি গৌতম আদানিৰ কোম্পানীক গতাই দিব খোজা প্রচেষ্টা যিকোনো মূল্যৰ বিনিময়ত প্রতিহত কৰাৰ হুংকাৰ দিয়ে প্রতিবাদী জনতাই। ইয়াৰ পাছতে কামৰূপ জিলা প্ৰশাসনে অঞ্চলটোৰ ভূমি গৌতম আদানীক চমজাই দিয়া নহয় বুলি এক বিবৃতি প্ৰকাশ কৰে। স্থানীয় প্ৰশাসনে ইয়াক এক ভুৱা প্ৰচাৰ বুলিও মন্তব্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd