• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দীক্ষুৰ কণ্ঠত মুক্তি পালে ইপাৰ সিপাৰ শ্ৰব্য এলবাম: উন্মোচন কৰিলে জুবিন গাৰ্গে

NE NOW NEWS কল্পজ্যোতি শইকীয়া 
গুৱাহাটী , February 15, 2018 8:47 am

2 min read

Poster of Dikshu's new album Ipar-sipar
174
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ ৫ বছৰৰ চেষ্টাৰ অন্তত জনপ্ৰিয় কন্ঠশিল্পী দীক্ষুৱে অসমৰ শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰিলে ইপাৰ-সিপাৰ নামৰ এটি গীতৰ এলবাম। পবিত্ৰ মহা শিৱৰাত্ৰি তথা ভেলেন্টাইন দেৰ  দিনাই অসমৰ শ্ৰোতা দৰ্শকলৈ ইপাৰ-সিপাৰৰ উপহাৰ দিলে কন্ঠশিল্পী দিক্ষুৱে।

এক বিশাল আয়োজনৰ মাজেৰে এই এলবাম মুকলি অনুষ্ঠান অনুষ্ঠিত হৈছিল গুৱাহাটীৰ গীতানগৰ খেলপথাৰত। দীক্ষুৰ এই ইপাৰ সিপাৰ শ্ৰব্য এলবামটি মুকলি কৰে যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। এলবামটো মুকলি কৰি জুবিনে কন্ঠশিল্পী দীক্ষুক শুভেচ্ছা জনোৱাৰ লগতে ভবিষ্যতে সকলো সহায়-সহযোগিতা কৰি যাব বুলি কয়।

এলবাম উন্মোচনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তথা ভেলেণ্টাইন দে উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধ্যাত অসমীয়া অভিনয় জগতৰ সৈতে জড়িত গুঞ্জন ভৰদ্বাজ, নীল আৰু মেঘৰঞ্জনীকে ধৰি বহুকেইগৰাকীয়ে নৃত্য প্ৰদৰ্শন কৰে।

তদুপৰি সংগীত শিল্পী গীতালি কাকতি, আচুৰ্য্য বৰপাত্ৰ, মিন্টুমণিৰ লগতে আন আন শিল্পী সকলে গীত পৰিবেশন কৰি ভেলেন্টাইনৰ সন্ধ্যাটো জীপাল কৰি তোলে।

উল্লেখ্য যে ২০১২ চনত ‘ল’ৰালি’ এলবামৰ পিছত এইবাৰ দীক্ষুৱে শ্ৰোতা-দৰ্শকলৈ অনুৰাগ শইকীয়াৰ সংগীত পৰিচালনাৰে আগবঢ়াইছে ইপাৰ সিপাৰ এলবামৰ ৬ টাকৈ গীত।

দিগন্ত ভাৰতী, ইবচন লাল বৰুৱা, শশাংক সমীৰ, দীক্ষুৰ পত্নী বিজিয়েতাৰ কথা আৰু সুৰেৰে প্ৰকাশ পোৱা এই এলবামটোত গোটেই কেইটা গীততে কন্ঠদান কৰিছে দীক্ষু আৰু গীতালি কাকতিয়ে।

এই সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসূচীৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভণি কৰে বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰ আৰু শান্তা উজিৰে।

এই এলবাম মুকলি অনুষ্ঠানত অসমৰ সংগীত, অভিনয় তথা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জৰিত কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তি উপস্থিত থকাৰ লগতে দীক্ষুৰ অসংখ্য গুণমুগ্ধ উপস্থিত থাকে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd