হিমন্ত বিশ্বক ১০ হাজাৰ লোকৰ আক্ৰমণ

Himanta-Biswa Attacked

“কেব” ৰাজ্যসভাতো গৃহীত হোৱাৰ পিছ মুহূৰ্ততে অমিত শ্বাহ আৰু মোদীক এই বিতৰ্কিত বিধেয়কখনৰ বাবে অভিনন্দন জনোৱা মন্ত্ৰী হিমন্তক অতি অশালীন ভাষাৰে আক্ৰমণ কৰিছে ছ’চিয়েল মিডিয়াত।

হিমন্তই প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক অভিনন্দন জনাই ১১ ডিচেম্বৰত দিয়া পোষ্টটোত ১০ হাজাৰোধিক লোকে কমেণ্ট কৰি “কুকুৰে নোখোৱাকৈ” গালি পাৰিছে।

যিকোনো ভদ্ৰ লোকৰ বাবে চৰম লজ্জাবোধ জগাব পৰা ধৰণৰ অশোভনীয় শব্দ প্ৰয়োগ কৰিছে মন্তব্যকাৰীসকলে।

ৰাজ্যৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ প্ৰতি “জহৰা”, “নপুংসক”, “চুৱা চেলেকা”, “কুকুৰ” আদি অতি অশ্লীল, অসংসদীয় শব্দৰ প্ৰয়োগ কৰিছে প্ৰায়বোৰেই।

কিছুমানে “নিপাত যা”, “সোনকালে মৰিবি” আদি অভিশাপৰ বাণীও কমেণ্টৰ ৰূপত দিয়া দেখা গৈছে।

এজনে কৈছে, “আজিৰ পৰা অসমীয়া ভাষাত একো কথা নকব, একো নিলিখিব। আপুনি যোগ্যতা হেৰুৱাই পেলাইছে। নিজৰ ভাষাটোক বিপদত পেলাই কি বন্য সুখ পাইছে হে? আপোনাৰ ফটো দেখিলে ঘৃণা লগা হৈছে”।

“তই চাকৰ, চাকৰেই হৈ থাকিলি ৷ এদিন হিতেশ্বৰ শইকীয়াৰ চাকৰ আছিলি ৷ এতিয়া মোডীৰ ৷ জাঙিয়া কেইটা চেলেকি আহিবিগৈ সিহঁতৰ”, ক্ষুভিত এজনৰ মন্তব্য।

আন এজনে নিজকে এনেকুৱা নেতা পোৱাটো নিজৰ দুৰ্ভাগ্য বুলি আক্ষেপ কৰি কৈছে, “We r unlucky. Perhaps we did some sins. That’s why we get u as a leader”.

মন্তব্যৰ উপৰি, ৰাজনৈতিক উদ্দেশ্যত বিভিন্ন সময়ত কৰি অহা মন্ত্ৰীজনৰ বিতৰ্কিত মন্তব্যবোৰৰ পেপাৰ কাটিংবোৰো কমেণ্টৰ ৰূপত মন্ত্ৰীজনক সোঁৱৰাই দিছে, য’ত আছে- “মোদীৰ গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়” আদি।

তাৰোপৰি আছে, মন্ত্ৰীজনক বিদ্ৰূপ কৰি অঁকা বিভিন্ন ব্যংগচিত্ৰ, তেওঁক মহিলাৰ ৰূপত উপস্থাপনৰ ছবি। লগতে আছে কংগ্ৰেছৰ দিনত মূৰত “স্কাল কেপ” (মুছলমানসকলে পিন্ধা) পিন্ধি এটা অনুষ্ঠানত উপস্থিত থকাৰ ছবি।