• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী বাংলাদেশ

বাংলাদেশত ভয়াৱহ পৰিস্থিতি : ৩৫ দিনত ১১ গৰাকী হিন্দু লোকক নৃশংসভাবে হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 4:04 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত যোৱা ৫ জানুৱাৰীত হিন্দু সংবাদ পত্ৰৰ সম্পাদক ৰাণা কান্তি বৈৰাগীক যশোৰ জিলাত গুলীয়াই হত্যা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে নৰসিংদী জিলাত মণি চক্ৰৱৰ্তী নামৰ এজন গেলামালৰ ব্যৱসায়ীৰ ওপৰত হোৱা আক্ৰমণত তেওঁৰ মৃত্যু হয়। এই দুয়োটা হত্যাকাণ্ডই যোৱা ১৮ দিনৰ ভিতৰত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা পঞ্চম আৰু ষষ্ঠ হত্যাকাণ্ড হিচাপে পৰিগণিত হৈছে।

ইয়াৰ পূৰ্বে যোৱা ১৮ ডিচেম্বৰত মৈমনসিং জিলাত দীপু চন্দ্ৰ দাস নামৰ এজন বস্ত্ৰ কাৰখানাৰ কৰ্মীক এটা উন্মত্ত জনতাই মৰিয়াই হত্যা কৰি তেওঁৰ দেহত জুই লগাই দিছিল।

Apply Now

যোৱা ২ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীৰ ভিতৰত বাংলাদেশত কমেও ১১ গৰাকী হিন্দু লোকক হত্যা কৰা হৈছে যিয়ে দেশখনত চলি থকা সংখ্যালঘু বিৰোধী হিংসাৰ এক ভয়ংকৰ ছবি দাঙি ধৰিছে।

ভাৰতীয় আৰু বাংলাদেশী সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ৫ আগষ্টত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পাছৰে পৰা বাংলাদেশত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই ১১ গৰাকী মৃতকৰ ভিতৰত ১৯৭১ চনৰ মুক্তি যুদ্ধৰ এজন স্বাধীনতা সংগ্ৰামী আৰু তেওঁৰ পত্নীও আছিল যাক ৰংপুৰত নিজৰ ঘৰতে ডিঙি চেপি হত্যা কৰা হৈছিল। যদিও মহম্মদ ইউনুছৰ নেতৃত্বত চলা অন্তৱৰ্তী চৰকাৰে এই হত্যাকাণ্ডসমূহক সাম্প্ৰদায়িক নহয় বুলি কৈছে তথাপিও প্ৰতিটো ঘটনাই এক নিৰ্দিষ্ট ধৰণৰ লক্ষ্য কৰি কৰা হিংসাৰ প্ৰমাণ দিছে। সংখ্যালঘুসকলৰ ধৰ্মীয় স্থান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ওপৰত আক্ৰমণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে।

হত্যাকাণ্ডৰ এই তালিকাখন ২ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল য’ত নৰসিংদী জিলাত প্ৰান্তোষ কৰ্মকাৰ নামৰ এজন সোণৰ ব্যৱসায়ীক মুখা পিন্ধা মানুহে গুলীয়াই হত্যা কৰিছিল। সেই একেদিনাই ফৰিদপুৰ জিলাত উৎপল চৰকাৰ নামৰ এজন মাছৰ ব্যৱসায়ীক নিৰ্মমভাৱে হত্যা কৰি পথাৰত পেলাই থৈ যোৱা হৈছিল। ইয়াৰ পাছত ১২ ডিচেম্বৰত কুমিল্লাত ১৮ বছৰীয়া শান্ত চন্দ্ৰ দাস নামৰ এজন অটো চালকক হত্যা কৰা হৈছিল। ১৮ ডিচেম্বৰত দীপু চন্দ্ৰ দাসৰ মৈমনসিংহত হোৱা জঘন্য হত্যাকাণ্ডই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল কিয়নো তেওঁক মৰিয়াই হত্যা কৰি হাইৱেত ওলোমাই জুই জ্বলাই দিয়া হৈছিল। ভাৰত চৰকাৰেও এই ঘটনাক তীব্ৰ গৰিহণা দিছে।

পৰৱৰ্তী সময়ত ২৪ ডিচেম্বৰত অমৃত মণ্ডল নামৰ এজন ব্যক্তিক মৰিয়াই মৰিয়াই হত্যা কৰা হয় আৰু ২৯ ডিচেম্বৰত আনছাৰ বাহিনীৰ সদস্য বজেন্দ্ৰ বিশ্বাসক তেওঁৰ এজন সহকৰ্মীয়ে গুলীয়াই হত্যা কৰে। নতুন বছৰৰ প্ৰাকক্ষণত অৰ্থাৎ ৩১ ডিচেম্বৰত খোকন চন্দ্ৰ দাস নামৰ এজন ব্যৱসায়ীক এদল দুষ্কৃতিকাৰীয়ে আগুৰি ধৰি চুৰিৰে আঘাত কৰাৰ পাছত গাত পেট্ৰ’ল ঢালি জুই লগাই দিছিল যাৰ ৩ জানুৱাৰীত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। এই সকলোবোৰ ঘটনাই বাংলাদেশত সংখ্যালঘুসকলৰ সুৰক্ষাক লৈ এক ডাঙৰ প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰিছে আৰু মানৱ অধিকাৰ সংগঠনসমূহে চৰকাৰক সংখ্যালঘুৰ বাবে এক সুকীয়া মন্ত্ৰালয় গঠন কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd