ফ্ৰীজত গৰু মাংস থকাৰ অভিযোগ : বিজেপি শাসিত মধ্যপ্ৰদেশত ১১ টা ঘৰৰ ওপৰত চলিল বুলড’জাৰ
বিজেপি শাসিত মধ্যপ্ৰদেশত গো মাংস ৰখাৰ অভিযোগত বুলড’জাৰ চলিল ১১ টা পৰিয়ালৰ ঘৰত।
কিন্তু প্ৰশাসনে দাবী কৰিছে যে ঘৰবোৰ অবৈধ হোৱাৰ বাবেই ভাঙি পেলোৱা হৈছে। ১১জন অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।
সংবাদ সংস্থা পিটিআইৰ মতে, শনিবাৰে সংঘটিত হয় এই ঘটনা। মধ্যপ্ৰদেশৰ মণ্ডলা জিলাৰ ভাইনশ্বাহী গাঁৱত ১১টা ঘৰ ভাঙি পেলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰথম অৱস্থাত সেই ঘৰকেইটাত ফ্ৰীজত গো-মাংস ৰখাৰ বাবে ঘৰবোৰ ভাঙি পেলোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে।
কিন্তু মণ্ডলাৰ আৰক্ষী অধীক্ষক ৰজত সাক্লেচাই কয়, ‘সেই ঘৰবোৰ ১৫ হাজাৰ বৰ্গফুটৰ চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছিল। সকলোবোৰ অবৈধ। সেইবাবেই ভাঙি গৈছে’।
তেওঁ আৰু কয় যে স্থানীয় ৰাজহ সংগ্ৰহকাৰী দলে অভিযুক্তক দখল কৰা ভূমি খালী কৰিবলৈ জাননী জাৰি কৰিছিল। জাননীখনত শাস্তি হিচাপে ঘৰ ভাঙি পেলোৱাৰ কথাও উল্লেখ কৰা হৈছিল। কিন্তু তেওঁলোকে জাননীৰ কথা নামালিলে। ইয়াৰ পিছত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।