চেন্নাইত এইবাৰ পুনেৰ পৰ্ছে কাণ্ডসদৃশ অনুৰূপ ঘটনা সংঘটিত হৈছে। পদপথত শুই থকা এজন যুৱকক গাড়ীৰে থেতেলিয়াই পেলোৱাৰ অভিযোগ সাংসদ-কন্যাৰ বিৰুদ্ধে উত্থাপন হৈছে। অভিযোগ অনুসৰি মদ্যপান কৰি গাড়ী চলাইছিল। এই ঘটনাই অঞ্চলটোত উত্তেজনা বিয়পি পৰে। জানিব পৰা মতে অভিযুক্ত যুৱতীগৰাকীৰ পিতৃ ৰাজ্যসভাৰ সাংসদ। ঘটনাৰ পাছতে সাংসদগৰাকীৰ কন্যাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে তেওঁক জামিনত মুকলি কৰি দিয়া হ’ল।
আৰক্ষীৰ সূত্ৰ অনুসৰি ৱাই এছ আৰ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ বেদ মস্তান ৰাওৰ কন্যা মাধুৰী সোমবাৰে নিশা প্ৰেমিকা সৈতে বি এম ডব্লিউ গাড়ীৰে উভতি আহিছিল। মাধুৰীয়ে গাড়ীখন চলাই আছিল।নিশা বসন্তনগৰ অঞ্চলৰ ফুটপাথত এজন যুৱক শুই আছিল কিন্তু বিএমডব্লিউৰ গাড়ীখনে নিদ্ৰাৰত যুৱকজনক মহতিয়াই নিয়ে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁ গাড়ীখন লৈ পলায়ন কৰে। অৱশ্যে তেওঁৰ প্ৰেমিকেয গাড়ীৰ পৰা নামি স্থানীয় লোকৰ সৈতে কাজিয়া আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকে ভুক্তভোগীক উদ্ধাৰ কৰি ৰক্তাক্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ঘটনাৰ তদন্ত আৰম্ভ হৈছে। অৱশ্যে জামিনত মুকলি কৰি দিয়া হয় অভিযুক্তক। আৰক্ষীয়ে জনোৱা মতে, মৃত যুৱকজন পেছাত এজন চিত্ৰশিল্পী। মাত্ৰ আঠ মাহ আগতে তেওঁৰ বিয়া হৈছিল। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবীত মৃতকৰ আত্মীয় আৰু স্থানীয় লোক থানাত সমবেত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ তদন্ত কৰে। জানিব পৰা মতে যুৱকজনক খুন্দা মৰা গাড়ীখন সাংসদ বেদ ৰাওৰ কোম্পানীৰ গাড়ী। সেই ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাধুৰীক। অৱশ্যে গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ থানাৰ পৰা জামিন লাভ কৰে।
জগনমোহন ৰেড্ডীৰ দলে ২০২২ চনত বেদক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল। কিন্তু তেওঁৰ আগতে তেওঁ বিধায়ক আছিল। ৰাজনীতিৰ লগত তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক। ইয়াৰ বাহিৰেও বেদ সাগৰীয় খাদ্যৰ ব্যৱসায়ৰ লগত জড়িত। তেওঁৰ কোম্পানী বিএমআৰ অতি জনপ্ৰিয়। মাধুৰীয়ে জামিন লাভ কৰাত ক্ষুব্ধ হৈ পৰিছে বহু লোক। তেওঁলোকৰ প্ৰশ্ন, ৰাজনৈতিক প্ৰভাৱৰ বাবে বেদে ছোৱালীজনীক জামিনত মুকলি কৰি দিলে নেকি?