NORTHEAST NOW (Assamese)

ছ’চিয়েল মিডিয়াত কৰ’নাভাইৰাছ সম্বন্ধে অপপ্ৰচাৰ; মিজোৰামত ১১ গৰাকী ব্যক্তি আটক

March 12, 2020 3:52 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

উত্তৰ-পূবৰ মিজোৰামত কৰ’নাভাইৰাছ সম্পৰ্কে ছ’চিয়েল মিডিয়াত ভূৱা খবৰ প্ৰচাৰ কৰা অভিযোগত ১১ লোকক আৰক্ষীয়ে আটক কৰিছে।

কৰ’না ভাইৰাছ সম্বন্ধে ছ’চিয়েল মিডিয়া যোগে মিছা খবৰ প্ৰচাৰ কৰি জনসাধাৰণক আতংকিত কৰি তোলাৰ বাবেই লোক কেইগৰাকীক আটক কৰা হৈছে বুলি বুধবাৰে মিজোৰাম আৰক্ষীয়ে সদৰী কৰে।

আটকাধীন লোক কেইগৰাকীয়ে চিংগাপুৰৰ পৰা উভতি অহা এগৰাকী মহিলাক সন্দেহজনক লক্ষণৰ বাবে বৰ্তমান ঘৰত নিৰীক্ষণত ৰখা হৈছিল বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল।

লোক কেইগৰাকীয়ে ছ’চিয়েল মিডিয়াত মহিলা গৰাকীয়ে জোৰাম চিকিৎসা মহাবিদ্যালয় থাকিবলৈ অমান্তি হোৱা বুলিও প্ৰচাৰ চলাইছিল।

আনহাতে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰা লোক কেইগৰাকীক জামিনত মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে, কেন্দ্ৰ আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰ্যালয়ে দেশৰ জনসাধাৰণক কৰ’না ভাইৰাছ সম্বন্ধে আতংকিত নহবলৈ আহ্বান জনাই ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰতিৰোধী ব্যৱস্থা সমূহ পালন কৰিবলৈ অনুৰোধ কৰি আহিছে।

Related News