কলিয়াবৰত নতুনকৈ ১১ জন আক্ৰান্ত হৈছে কোভিড-১৯ ত।
জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধা চিকিৎসালয়ৰ সৈতে জড়িত অন্য চাৰিটা কোভিড টেষ্ট কেন্দ্ৰত ২ জন লোক আক্ৰান্ত হয় কোভিডত।
আক্ৰান্ত ২ ব্যক্তিকে টুমুকী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
ইফালে চিমনাবস্তি চিকিৎসালয়ৰ কোভিড চেন্টাৰৰ সৈতে জড়িত আন চাৰিটা কোভিড টেষ্ট কেন্দ্ৰত কৰা টেষ্টত ৯ জন লোক আক্ৰান্ত হয় কোভিডত।
ইয়াৰে আক্ৰান্ত ৭ জনক স্থানীয় বাগানৰ চিকিৎসালয়ত ভৰ্তি কৰায়।
২ ব্যক্তিক হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে।
এই পৰ্যন্ত কলিয়াবৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩৯০ লৈ বৃদ্ধি পালে।
সুস্থ হৈ উঠিছে- ২১৮ গৰাকী, সক্ৰিয় ৰোগীৰ সংখ্য হৈছেগৈ ১৭২ গৰাকী