এছ এফ আই নেতাৰ পিতৃক হত্যাৰ ন বছৰ পুৰণি গোচৰত ১১ গৰাকী আৰ এছ এছ কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড

RSS Workers Convicted In Murder Case

ন বছৰ পূৰ্বে, ২০১৩ চনত কেৰালাৰ তিৰুৱন্তপুৰমৰ আনাভুৰত বাঁওপন্থী ছাত্ৰ সংগঠন এছ এফ আই- ৰ এগৰাকী নেতাৰ পিতৃক হত্যাৰ অভিযোগত অভিযুক্ত এঘাৰ গৰাকী আৰ এছ এছ কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে কেৰালাৰ সত্ৰ আদালতে।

নিয়াট্টিঙ্কাৰা অতিৰিক্ত সত্ৰ আদালতে আজি নাৰায়ণন নায়াৰ নামৰ ব্যক্তিগৰাকীক তেওঁৰ পৰিয়ালৰ সন্মুখতে হত্যা কৰাৰ ন বছৰ পিছত অভিযুক্ত সকলক দোষী সাব্যস্ত কৰি এই শাস্তি ঘোষণা কৰিছে।

উল্লেখ্য যে নিহত নাৰায়ণন নায়াৰৰ পুত্ৰ শিৱ প্ৰসাদ সেই সময়ত চিপিএম- ৰ ছাত্ৰ শাখা ষ্টুডেণ্টছ ফেডাৰেচন অফ ইণ্ডিয়া, চমুকৈ এছ এফ আই- ৰ ক্ষেত্ৰ সম্পাদক আছিল।

২০১৩ চনৰ ৫ নৱেম্বৰত শিৱ প্ৰসাদক হত্যা কৰাৰ উদ্দেশ্যৰে সশস্ত্ৰ লোকৰ এটা দলে নাৰায়ণন নায়াৰৰ ঘৰত প্ৰৱেশ কৰিছিল। দলটোক নাৰায়ণন নায়াৰে বাধা দিয়াৰ বাবে তেওঁৰ পত্নী আৰু দুই পুত্ৰৰ সন্মুখত হত্যা কৰা হৈছিল।

এই নৃশংস ঘটনাটোত শিৱ প্ৰসাদ আৰু তেওঁৰ ভাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। অঞ্চলটোত পূৰ্বৰ ৰাজনৈতিক সংঘৰ্ষৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণ সংঘটিত হৈছিল বুলি আৰক্ষীৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।

আজি আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা অভিযুক্ত লোকসকল হৈছে ভেল্লামকোলি ৰাজেশ (৪৭), আৰ এছ এছ প্ৰচাৰক অনিল (৩২), প্ৰেম কুমাৰ (৩৬), প্ৰসাদ কুমাৰ (৩৫), গিৰিশ কুমাৰ (৪১), অৰুণ কুমাৰ (৪৬), বৈজু (৪২), সজিকুমাৰ (৪৩), অজয়ন (৩৩), বিনু (৪৩), গিৰিছ (৪৩)।

আশ্চৰ্যজনকভাৱে আজি শুনানিৰ সময়ত আটাইকেইগৰাকী অভিযুক্ত একে ধৰণৰ কাপোৰ পিন্ধি আৰু একে ধৰণৰ হেয়াৰষ্টাইলেৰে আদালতত উপস্থিত হৈছিল।

সাক্ষীসকলক বিভ্ৰান্ত কৰিবলৈ আনকি চুলি নথকা কেইগৰাকীমান অভিযুক্তই একে ধৰণৰ চুলিৰ উইগ পৰিধান কৰি আহিছিল। অৱশ্যে সাক্ষীসকলে আটাইকেইগৰাকী অভিযুক্তকে চিনাক্ত কৰাৰ পাছত আদালতে শাস্তি ঘোষণা কৰে।