NORTHEAST NOW (Assamese)

অসমত ১১২৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.৫৮%

August 9, 2020 11:06 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

১১২৩গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

এইসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৪০ আৰু যোৰহাটৰ ১২১গৰাকী ব্যক্তি।

অৱশ্যে অসমত ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ সংখ্যা হ্ৰাস হোৱাটো অব্যাহত আছে।

যোৱা ২৪ ঘণ্টাত অসমত ২৪৪৯২টা ক’ভিড টেষ্ট সম্পন্ন হৈছে। পজিটিভৰ হাৰ ৪.৫৮ শতাংশ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু পাঁচগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু দেওবাৰ পৰ্য্যন্ত মুঠ মৃতকৰ সংখ্যা ১৪৫লৈ বৃদ্ধি পাইছে।

নতুন আক্ৰান্তসকলক ধৰি অসমত চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ৫৮,৮৩৭লৈ বৃদ্ধি পাইছে।

বিপৰীতে অসমত এতিয়ালৈকে ৪০,৫৯১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৮,০৯৮ (।)

Related News