• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৌৰীসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ মুৰ্তিৰ আধাৰশিলা স্থাপন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 10, 2020 6:50 am
IMG-20200809-WA0011

ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়া আছিল সাহসী, স্পষ্টবাদী আৰু সততাৰ প্ৰতীক৷ জীৱিত কালত আপোচবিহীন সাংবাদিক, সমাজকৰ্মী গৰাকীয়ে নিজ কৰ্মৰ যোগেদি নিজৰ চিনাকী যুগমীয়া কৰি থৈ গৈছে৷”

আপকুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তথা বৃহত্তৰ গৌৰীসাগৰ বাসী ৰাইজৰ সহযোগত গৌৰীসাগৰ বহুমুখী প্ৰকল্প ভৱন প্ৰাংগণত অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক, স্বাধীনতা সংগ্ৰামী কমলা শইকীয়াৰ ২৯ সংখ্যক মৃত্যু দিৱস উদযাপন আৰু স্থায়ী  আৱক্ষমূৰ্তি নিৰ্মাণৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে এইদৰে কয়।

Apply Now

জিলা আপকুৰ সভাপতি পদুম কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত সাংসদ গৰাকীয়ে মুখ্য মন্ত্ৰীৰ নিৰ্ধাৰিত পুঁজি (Untied Fund) -ৰ দহ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ হ’ব লগা স্বাধীনতা সংগ্ৰামী তথা শ্বহীদ সাংবাদিক গৰাকীৰ আৱক্ষ মুৰ্তিয়ে ভবিষ্যত প্ৰজন্মৰ মাজত তেখেতৰ আদৰ্শ বিলাই দিয়াত সক্ষম হব বুলিও সদৰী কৰে৷

স্মৃতিচাৰণ সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি বিশিষ্ট নিৱন্ধকাৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই কয় যে, নিৰ্ভীক সাহিত্যিক সাংবাদিক কমলা শইকীয়াই নিৰ্ভীক আৰু স্পষ্টবাদিতাৰে নব্বৈৰ দশকতে বাতৰি প্ৰকাশ কৰি গৈছে৷।

তেওঁ কয় যে বাতৰি কাকতৰ একোটা পৃষ্ঠাই একোটা সময়ৰ ইতিহাসক প্ৰতিনিধিত্ব কৰে৷ তেনে এজন মনিষীৰ প্ৰতিমুৰ্তি  সাংবাদিকৰ সংগঠন এটাই স্থাপন কৰিবলৈ লোৱাটো সঁচায়ে প্ৰশংসনীয়৷

সভাত কমলা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলন কৰি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই কয় যে সাহিত্য, সংস্কৃতি আৰু আপোচবিহীন সাংবাদিকতাৰে সমাজৰ হিত চিন্তা কৰা কমলা শইকীয়া আছিল এজোপা বৰগছ স্বৰূপ- যাৰ ছাঁত অগণন মানুহে জিৰাবলৈ ঠাই পাইছিল৷

জীৱনত কেৱল যোগাত্মক চিন্তাৰে সমাজৰ কাম কৰি যোৱা কমলা শইকীয়াৰ আদৰ্শৰে বাট বুলিবলৈ দল-মত নিৰ্বশেষে সকলোৰে চিন্তা-চেতনা যোগাত্মক হ’ব লাগিব বুলি তেওঁ মন্তব্য কৰে৷

শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কমলা শইকীয়াৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ তেওঁ কমলা শইকীয়াৰ আৱক্ষ মূৰ্তি নিৰ্মাণৰ বাবে সাংসদ গগৈয়ে আগবঢ়োৱা পুঁজিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

তেওঁ কমলা শইকীয়াৰ নীতি-আদর্শ  নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আপকুৰ জিলা সম্পাদক শৰৎ শেনচোৱাই উদ্দেশ্য ব্যাখা কৰা সভাখনত অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, গৌৰীসাগৰৰ খণ্ড উন্নয়ন বিষয়া সঞ্জীৱ বৰা, বিশিষ্ট সমাজ কৰ্মীসকল ক্ৰমে সুৰভি ৰাজকুঁৱৰী, প্ৰাঞ্জল কটকী আৰু বিজিত গগৈ, কমলা শইকীয়াৰ পুত্ৰ ধনঞ্জয় শইকীয়াকে ধৰি বহুকেইগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে৷

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

August 20, 2026 3:28 pm
ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd